টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজক হোৱাইট ৱাশ্ব ভাৰতীয় দলৰ
দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতে ৱেষ্ট ইণ্ডিজক ৭ উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে টিম ইণ্ডিয়াই ২ খন টেষ্টৰ শৃংখলা ২-০ ব্যৱধানত দখল কৰিছে । দ্বিতীয় ইনিংছত ভাৰতক জয়ৰ বাবে ১২১ ৰানৰ প্ৰয়োজন হৈছিল, যিটো দলটোৱে প্ৰথম ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ কৰে । অধিনায়ক হিচাপে শুভমন গীলৰ এইটোৱেই প্ৰথম টেষ্ট শৃংখলা জয় ।
ভাৰতে ৫১৮ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰে । ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৪৮ ৰানত সীমাবদ্ধ আছিল, তাৰ পিছত টিম ইণ্ডিয়াই আলহী দলটোক ফ’ল’ অন দিয়ে । দ্বিতীয় ইনিংছত ৱেষ্ট ইণ্ডিজে ৩৯০ ৰান সংগ্ৰহ কৰি ভাৰতৰ বিৰুদ্ধে জয়ী হ’বলৈ ১২১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । এই লক্ষ্য অনুসৰণ কৰি কে এল ৰাহুলে অপৰাজিত ৫৮ ৰান সংগ্ৰহ কৰে আৰু দলক জয়ৰ লক্ষ্যত উপনীত কৰাই ।
প্ৰথম ইনিংছত যশস্বী আৰু গীলৰ শতক-
অৰুণ জেটলী ষ্টেডিয়ামৰ পিটচ বেটিঙৰ বাবে উপযোগী আছিল, যাৰ বাবে শুভমন গীলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথম দিনাই যশস্বী জয়ছোৱালে শতক অৰ্জন কৰে, কে এল ৰাহুলৰ উইকেট (৩৮) পতনৰ পিছত জয়ছোৱালে সাই সুদৰ্শনৰ সৈতে ১৯৩ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৮৭ ৰান সংগ্ৰহ কৰি আউট হয় সুদৰ্শন । দ্বিতীয় দিনা জয়ছোৱাল দ্বি-শতকৰ পৰা বঞ্চিত হয় । গীলৰ সৈতে সমন্বয়ৰ অভাৱত ১৭৫ ৰানত ৰান আউট হয় তেওঁ । এই ইনিংছত জয়ছোৱালে ২২টা চাৰি কোবাই ।
দ্বিতীয় দিনা অধিনায়ক শুভমন গীলেও নিজৰ শতক সম্পূৰ্ণ কৰে, তেওঁ অপৰাজিত হৈ থাকে আৰু ভাৰতে ৫১৮/৫ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰে । নীতিশ কুমাৰ ৰেড্ডীয়ে ৪৩ ৰান আৰু ধ্ৰুৱ জুৰেলে ৪৪ ৰান সংগ্ৰহ কৰে ।
প্ৰথম ইনিংছত কুলদীপৰ ৫ উইকেট-
তৃতীয় দিনাৰ দ্বিতীয় অধিবেশনত ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৪৮ ৰানত সীমাবদ্ধ আছিল । কুলদীপ যাদৱে ৫টা উইকেট দখল কৰে, তেওঁ এলিক ইথানাজ, শ্বাহী হোপ, টেভিন ইমলাচ, জাষ্টিন গ্ৰীভছ আৰু জেডেন ছিলছেও ৰূপত এই ৫ উইকেট দখল কৰে । তেওঁৰ উপৰি ৰবীন্দ্ৰ জাদেজাই ৩টা উইকেট দখল কৰে, দ্বিতীয় দিনা তিনিটা উইকেট দখল কৰে তেওঁ । প্ৰথম ইনিংছত মহম্মদ চিৰাজ আৰু যশপ্ৰীত বুমৰাহে ১-১ উইকেট লাভ কৰে ।
ৱেষ্ট ইণ্ডিজে ফ’ল’ অনক ৰক্ষা কৰাত ব্যৰ্থ হয়, ইয়াৰ পিছত ভাৰতে ৱেষ্ট ইণ্ডিজক পুনৰ বেটিং কৰিবলৈ মাতে । আলহী দলৰ প্ৰথম ২টা উইকেট (তেজনাৰায়ণ চন্দৰপল আৰু আলিক ইথানাজ) ৩৫ ৰানত পতন ঘটে যদিও তাৰ পিছত জন কেম্পবেল আৰু শ্বাহী হোপে ইনিংছৰ দায়িত্ব গ্ৰহণ কৰি ১৭৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।
জন কেম্পবেলে ১১৫ ৰান আৰু শ্বাহী হোপে ১০৩ ৰান সংগ্ৰহ কৰে । কেম্পবেলৰ এইটোৱেই আছিল প্ৰথম টেষ্ট শতক আৰু ২০০২ চনৰ পিছত ভাৰতত টেষ্ট শতক অৰ্জন কৰা প্ৰথমজন ৱেষ্ট ইণ্ডিজৰ বেটছমেন । ২০১৭ চনৰ পিছত হোপে প্ৰথমটো টেষ্ট শতক অৰ্জন কৰে ।
ভাৰতৰ সন্মুখত ১২১ ৰানৰ লক্ষ্য-
কেম্পবেল আৰু হোপৰ শতকৰ পাছত ৰষ্টন চেজ আৰু জাষ্টিন গ্ৰীভছেও ভাল বেটিং কৰি ৱেষ্ট ইণ্ডিজক ইনিংছ পৰাজয়ৰ পৰা ৰক্ষা কৰে । চেজে ৪০ ৰান আৰু গ্ৰীভছে ৫০ ৰান সংগ্ৰহ কৰে । জেডেন ছিলছে ৩২ ৰান সংগ্ৰহ কৰে, যাৰ সহায়ত ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে জয়ৰ বাবে ১২১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হয় । ইতিহাসত চতুৰ্থবাৰৰ বাবেহে এনেকুৱা হৈছিল যেতিয়া ভাৰতে বিপক্ষ দলক ফ’ল’ অন দিছিল আৰু তাৰ পিছত ভাৰতে চতুৰ্থ ইনিংছত বেটিং কৰিবলৈ ওলাই আহিবলগীয়া হয় ।
প্ৰথম ইনিংছত ১৭৫ ৰান সংগ্ৰহ কৰা যশস্বী জয়ছোৱালে দ্বিতীয় ইনিংছত ৮ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছত কে এল ৰাহুল আৰু ছাই সুদৰ্শনৰ মাজত ৭৯ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । মেচৰ শেষৰ দিনটোত সুদৰ্শনে ৩৯ ৰান সংগ্ৰহ কৰে আৰু উইকেট বিসৰ্জন দিয়ে । ইয়াৰ পাছতে শুভমন গীলেও ১৩ ৰানৰ দ্ৰুত ইনিংছ খেলি আউট হয় । কে এল ৰাহুলে অপৰাজিত অৰ্ধশতক (৫৮) খেলি ৩৬ অভাৰৰ দ্বিতীয়টো বলত চাৰি আঘাত কৰি ভাৰতক বিজয়ৰ সোৱাদ দিয়ে ।
লগতে পঢ়ক : দ্বিতীয় টেষ্টত দৰ্শনীয় শতকেৰে ইতিহাস সৃষ্টি শুভমন গীলৰ; ভংগ কৰিলে এই পাঁচটা ডাঙৰ অভিলেখ









