জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ
শুকুৰবাৰে নিশা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হ’ল পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিনৰ সমাধিক্ষেত্ৰত সেৱা লৈ কান্দি কান্দি ন্যায় বিচাৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে।
সমাধিক্ষেত্ৰত উপস্থিত অনুৰাগীৰ সৈতে কান্দি কান্দি সমস্বৰে ‘মায়াৱিনী ৰাতিৰ বুকুত’ গালে গৰিমা শইকীয়া গাৰ্গে।সমাধিক্ষেত্ৰত আঠুকাঢ়ি হাতযোৰ কৰি সমগ্ৰ অসমবাসীলৈ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে।
তেওঁ সকলোকে প্ৰতিদিনে সামাজিক মাধ্যমত এবাৰ হ’লেও #JusticeForZubeen লিখি ন্যায়ৰ বাবে দাবী জনাবলৈ অনুৰোধ জনায়।
তেওঁ কয় যে, জুবিনৰ লগত কি হৈছিল সেই কথা আমি জানিব লাগিব। ২২ দিন হৈ গ’ল আজিলৈকে আমি জুবিনৰ লগত কি হ’ল সেই কথা জানিব পৰা নাই।
সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে সামাজিক মাধ্যমত লিখিব। বহু ধৈৰ্যৰে আমি অপেক্ষা কৰি আছো। কিন্তু আমি ন্যায় পাবই লাগিব।
ইফালে সোণাপুৰত কান্দোনত ভাঙি পৰা গৰিমা গাৰ্গক অনুৰাগী তথা আৰক্ষী বিষয়াই দিলে সান্ত্বনা।সাবতি ধৰি এগৰাকী আৰক্ষী বিষয়াই গৰিমা শইকীয়া গাৰ্গক ভাগি নপৰিবলৈ আহ্বান কৰে।
লগতে পঢ়ক: আহি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট…









