মুম্বাই আক্ৰমণৰ পিছত সন্ত্ৰাসবাদৰ সন্মুখত শিৰনত কৰিছিল কংগ্ৰেছেঃ প্ৰধানমন্ত্ৰী মোদী

মুম্বাই আক্ৰমণৰ পিছত সন্ত্ৰাসবাদৰ সন্মুখত শিৰনত কৰিছিল কংগ্ৰেছেঃ প্ৰধানমন্ত্ৰী মোদী

সন্ত্ৰাসবাদৰ সন্মুখত শিৰনত কৰিছিল কংগ্ৰেছেঃ প্ৰধানমন্ত্ৰী মোদী ১৭ বছৰ পূৰ্বে সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক চোকা সমালোচনা কৰে । মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তদানীন্তন চৰকাৰৰ নীতিক সমালোচনা কৰে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মুম্বাই ভাৰতৰ অৰ্থনৈতিক ৰাজধানীৰ

সন্ত্ৰাসবাদৰ সন্মুখত শিৰনত কৰিছিল কংগ্ৰেছেঃ প্ৰধানমন্ত্ৰী মোদী

১৭ বছৰ পূৰ্বে সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক চোকা সমালোচনা কৰে । মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তদানীন্তন চৰকাৰৰ নীতিক সমালোচনা কৰে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মুম্বাই ভাৰতৰ অৰ্থনৈতিক ৰাজধানীৰ লগতে ভাৰতৰ অন্যতম সজীৱ চহৰ । সেয়েহে ২০০৮ চনত সন্ত্ৰাসবাদীয়ে বৃহৎ আক্ৰমণৰ বাবে মুম্বাইক বাছি লৈছিল । অৱশ্যে সেই সময়ত ক্ষমতাত থকা কংগ্ৰেছ চৰকাৰে দুৰ্বলতাৰ বাৰ্তা প্ৰেৰণ কৰি সন্ত্ৰাসবাদৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “শেহতীয়াকৈ কংগ্ৰেছৰ শাসনৰ সময়ত গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাই এক সাক্ষাৎকাৰত এটা উল্লেখযোগ্য প্ৰকাশ কৰিছিল যে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ পিছত আমাৰ বাহিনী পাকিস্তানক আক্ৰমণ কৰিবলৈ সাজু আছিল । সমগ্ৰ দেশে একেই বিচাৰিছিল, কিন্তু আন এখন দেশৰ হেঁচাত কংগ্ৰেছ চৰকাৰে দেশৰ সেনা বাহিনীক পাকিস্তান আক্ৰমণ কৰাত বাধা দিছিল ।”

এতিয়া ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিয়ে-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়-‘কংগ্ৰেছে বুজাব লাগিব যে কোন আছিল যিয়ে বিদেশী হেঁচাত এই সিদ্ধান্ত লৈছিল আৰু মুম্বাই আৰু ৰাষ্ট্ৰৰ আৱেগৰ সৈতে খেলিছিল । তেওঁ লগতে কয়, “আমাৰ বাবে দেশ আৰু ইয়াৰ নাগৰিকৰ নিৰাপত্তাতকৈ গুৰুত্বপূৰ্ণ একোৱেই নাই । আজিৰ ভাৰতে তীব্ৰ প্ৰত্যুত্তৰ দিয়ে, ঘৰত প্ৰৱেশ কৰি ষ্ট্ৰাইক কৰে । অপাৰেচন সিন্দুৰৰ সময়ত বিশ্বই এই কথা প্ৰত্যক্ষ কৰিছিল ।”

উল্লেখ্য যে, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে । উদ্বোধনী অনুষ্ঠানৰ পিছত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি মুম্বাইৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল। মুম্বাইত এতিয়া দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। এই বিমানবন্দৰে এই অঞ্চলটোক এছিয়াৰ সৰ্ববৃহৎ সংযোগ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা পালন কৰিব ।”

লগতে পঢ়ক : ৰাষ্ট্ৰপতি পুটিনক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ; দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভতো আলোচনা