২০২৫ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা
ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা । তিনিগৰাকী আমেৰিকান বিজ্ঞানীক প্ৰদান কৰা হৈছে এই সৰ্বোচ্চ সন্মান । কোৱাণ্টাম মেকানিক্সৰ আৱিষ্কাৰৰ বাবে জন ক্লাৰ্ক, মাইকেল এইচ ডেভ’ৰেট, জন এম মাৰ্টিনিছলৈ এই বঁটা প্ৰদান কৰা হৈছে । ছুইডেনৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছে কিছু সময় পূৰ্বে এই কথা ঘোষণা কৰে ।
ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে তেওঁলোকৰ গৱেষণা “বৈদ্যুতিক বৰ্তনীত মেক্ৰ’স্কোপিক কোৱাণ্টাম মেকানিকেল টানেলিং আৰু শক্তি কোৱাণ্টাইজেচনৰ আৱিষ্কাৰ”ৰ বাবে স্বীকৃতি দিছে । এই গৱেষণাই কোৱাণ্টাম পৰিঘটনাক মানৱীয় পৰিসৰত প্ৰদৰ্শনৰ অভিযানত এক অগ্ৰগতি চিহ্নিত কৰিছে । এই বঁটা বিজয়ীসকলে যুটীয়াভাৱে ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’না (ভাৰতীয় টকাত ১০.৩ কোটি), সোণৰ পদক আৰু প্ৰমাণ পত্ৰ লাভ কৰিব ।
আলফ্ৰেড নোবেলৰ মৃত্যু বাৰ্ষিকীত ১০ ডিচেম্বৰত ষ্টকহ’মত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব । উল্লেখ্য যে, ১৯০১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ১১৮ বাৰ ২২৬ গৰাকীক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ।
কোন হয় তিনিগৰাকী বিজেতা-
এই তিনিওজন আমেৰিকান বিজ্ঞানীয়ে ১৯৮০-৯০ দশকত কোৱাণ্টাম মেকানিক্সক ইলেক্ট্ৰনিকছৰ গৱেষণাৰ সৈতে সংযুক্ত হৈছিল ।
জন ক্লাৰ্ক : বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক । ১৯৮০ চনত তেওঁ জোচেফছন জংচনত (এটা অতিপৰিবাহী যন্ত্ৰ) কোৱাণ্টাম টানেলিং আৱিষ্কাৰ কৰে । এইটো আছিল ‘মেক্ৰ’স্কোপিক’ (বৃহৎ পৰিসৰৰ) কোৱাণ্টাম ইফেক্ট, যি কেৱল সৰু কণিকাৰ মাজতে সীমাবদ্ধ নাছিল ।
মিচেল এইচ ডেভ’ৰেট : তেওঁ ইয়েল বিশ্ববিদ্যালয়ৰ অধ্যাপক । তেওঁ চাৰ্কিট কোৱাণ্টাম ইলেক্ট্ৰ’ডাইনেমিক্স (চাৰ্কিট কোৱাণ্টাম পদাৰ্থবিজ্ঞান) বিকশিত কৰিছিল । তেওঁৰ আৱিষ্কাৰৰ ফলত বৈদ্যুতিক বৰ্তনীক কোৱাণ্টাম ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰিব পৰা গ’ল ।
জন এম মাৰ্টিনিছ : চান্টা বাৰ্বাৰাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক । তেওঁ কোৱাণ্টাম বিট (qubits) ত শক্তিৰ কোৱাণ্টাইজেচন প্ৰদৰ্শন কৰিছিল, যিটো কোৱাণ্টাম কম্পিউটাৰৰ ভিত্তি ।
লগতে পঢ়ক : ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা; প্ৰতিৰোধ সম্পৰ্কীয় গৱেষণাৰ বাবে এই স্বীকৃতি









