মুখ্য ন্যায়াধীশ গাভাইৰ সৈতে বাৰ্তলাপ প্ৰধানমন্ত্ৰী মোদীৰ

মুখ্য ন্যায়াধীশ গাভাইৰ সৈতে বাৰ্তলাপ প্ৰধানমন্ত্ৰী মোদীৰ; জোতা নিক্ষেপ কৰাৰ ঘটনাক নিন্দা

মুখ্য ন্যায়াধীশ গাভাইৰ সৈতে বাৰ্তলাপ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে । বাৰ্তালাপৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীক আক্ৰমণৰ চেষ্টাক গৰিহণা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । সোমবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ চৌহদত মুখ্য ন্যায়াধীশৰ ওপৰত হোৱা আক্ৰমণত প্ৰতিজন ভাৰতীয় ক্ষুব্ধ

মুখ্য ন্যায়াধীশ গাভাইৰ সৈতে বাৰ্তলাপ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে । বাৰ্তালাপৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীক আক্ৰমণৰ চেষ্টাক গৰিহণা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । সোমবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ চৌহদত মুখ্য ন্যায়াধীশৰ ওপৰত হোৱা আক্ৰমণত প্ৰতিজন ভাৰতীয় ক্ষুব্ধ হৈ পৰিছে বুলিও তেওঁ কয় । আমাৰ সমাজত এনে নিন্দনীয় কামৰ কোনো স্থান নাই । এই কাৰ্য অতি নিন্দনীয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত এই কথা-বতৰাৰ সবিশেষ শ্বেয়াৰ কৰে । তেওঁ কয়, “আক্ৰমণৰ চেষ্টাৰ সন্মুখত ধৈৰ্য ধৰাৰ বাবে ন্যায়াধীশ গাভাইক প্ৰশংসা কৰিছো । ইয়াৰ দ্বাৰা ন্যায়ৰ মূল্যবোধৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু আমাৰ সংবিধানৰ মনোভাৱ শক্তিশালী কৰাৰ দায়বদ্ধতা প্ৰমাণিত হৈছে ।”

উল্লেখ্য যে, ন্যায়াধীশ গাভাই আদালতত গোচৰৰ শুনানি চলাই থকাৰ সময়তে এজন অধিবক্তাই আক্ৰমণৰ চেষ্টা চলাইছিল । অৱশ্যে তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে সময়মতে অধিবক্তাজনক আটক কৰি উলিয়াই আনে । ইয়াৰ পিছতে ন্যায়াধীশ গাভাইয়ে নিৰাপত্তাৰক্ষীক এই আক্ৰমণক উপেক্ষা কৰাৰ কয় ।

এই ঘটনা সংঘটিত কৰা অধিবক্তাজনক উচ্চতম ন্যায়ালয়ৰ কমপ্লেক্সত থকা ডিচিপিৰ কাৰ্যালয়লৈ লৈ গৈ জেৰা কৰা হয় । ঘটনাৰ পিছতে মুখ্য ন্যায়াধীশগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ বিষয়া, মহাসচিব, আৰু ভাৰপ্ৰাপ্ত নিৰাপত্তা বিষয়াৰ সৈতে আলোচনা কৰে ।

ঘটনাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ এডভোকেটছ অন ৰেকৰ্ড এছ’চিয়েশ্যনে সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি আদালতৰ কাৰ্য্যবিধিৰ সময়ত এজন অধিবক্তাই চি জে আই গাভাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে ।

লগতে পঢ়ক : বিহাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা; দুটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ