বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ অভিলেখ ভংগকাৰী প্ৰদৰ্শন…
২০২৫ চনৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। নতুন দিল্লীত অনুষ্ঠিত এই চেম্পিয়নশ্বিপৰ অন্তিম দিনটোত ভাৰতে তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি পদকৰ সংখ্যা ২২ লৈ বৃদ্ধি কৰে।
ভাৰতে ৬টা স্বৰ্ণ, ৯টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদক লাভ কৰি পদকৰ সংখ্যাত দশম স্থান দখল কৰে। বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত এইটোৱেই আছিল ভাৰতৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।
ইয়াৰ পূৰ্বে জাপানৰ কোবেত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে মুঠ ১৭টা পদক (ছটা সোণ, ৫টা ৰূপ আৰু ৬টা ব্ৰঞ্জ) লাভ কৰিছিল।
অন্তিম দিনা নৱদীপ সিং, প্ৰীতি পাল, ছিমৰন শৰ্মা আৰু সন্দীপে ভাৰতৰ হৈ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। উত্তৰ প্ৰদেশৰ ছিমৰন শৰ্মাই কঁকালৰ বিষৰ মাজতো মহিলাৰ ২০০ মিটাৰ টি ১২ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি সকলোকে আপ্লুত কৰে।
২৫ বছৰীয়া ছিমৰানৰ এইখন আছিল একেৰাহে ষষ্ঠবাৰৰ বাবে স্প্ৰিণ্ট দৌৰ। ইয়াৰ উপৰিও ছিমৰনে ২৪.৪৬ ছেকেণ্ডৰ সময়েৰে এছিয়ান অভিলেখ গঢ়িবলৈ সক্ষম হয়।প্ৰীতি পালে মহিলাৰ ১০০ মিটাৰ টি ৩৫ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে।
লগতে পঢ়ক: মহিলা ক্ৰিকেট বিশ্বকাপত অব্যাহত ভাৰতৰ পৰাক্ৰম; কলম্বোত ৮৮ ৰানত ধুলিস্যাৎ চিৰবৈৰী পাকিস্তান









