ৱেষ্ট ইণ্ডিজ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত জয় ভাৰতৰ;আঢ়ৈ দিনতে শেষ হ’ল ৫ দিনীয়া খেল

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত জয় ভাৰতৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে জয় সাব্যস্ত কৰে। ৫ দিনীয়া খেলখন মাত্ৰ আঢ়ৈ দিনৰ ভিতৰতে সমাপ্ত কৰে ভাৰতে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰি আলহী দলটোৱে প্ৰথম ইনিংছত মহম্মদ চিৰাজ আৰু যশপ্ৰিত বুমৰাহৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত জয় ভাৰতৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে জয় সাব্যস্ত কৰে। ৫ দিনীয়া খেলখন মাত্ৰ আঢ়ৈ দিনৰ ভিতৰতে সমাপ্ত কৰে ভাৰতে।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰি আলহী দলটোৱে প্ৰথম ইনিংছত মহম্মদ চিৰাজ আৰু যশপ্ৰিত বুমৰাহৰ দুৰ্দান্ত বলিঙৰ বাবে ১৬২ ৰান সংগ্ৰহ কৰি থমকি ৰয়।

ভাৰতে কে এল ৰাহুল, ধ্ৰুৱ জুৰেল আৰু ৰবীন্দ্ৰ জাডেজাৰ শক্তিশালী শতক কৰি ৫ উইকেটত ৪৪৮ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰে।

মেচৰ তৃতীয় দিনা ২৮৬ ৰানক লক্ষ্য কৰিবলৈ   ওলাই আহিছিল যদিও ৱেষ্ট ইণ্ডিজৰ দলটোৱে দ্বিতীয় ইনিংছতো ভাঙি পৰে।

আহমেদাবাদ টেষ্টত বিপৰ্যয়জনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৱেষ্ট ইণ্ডিজ। শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে যি আগ্ৰাসী পন্থা প্ৰদৰ্শিত হৈছিল, সেই আগ্ৰাসী পন্থা প্ৰদৰ্শন কৰিছিল টিম ইণ্ডিয়াই।

মহম্মদ চিৰাজ আৰু যশপ্ৰিত বুমৰাহৰ বলিংত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ বিপৰীতে কেৰিবিয়ান দলটোৱে কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাৰ স্পিন বুজিব পৰা নাছিল।প্ৰথম ইনিংছত ১৬২ ৰান সংগ্ৰহ কৰা দলটোৱে দ্বিতীয় ইনিংছত মাত্ৰ ১৪৬ ৰানহে কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক: মীৰাবাই চানুৰ আন এক অভিলেখ; বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন