ইলন মাস্কে বাতিল কৰিলে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন
বিশ্বৰ অন্যতম ধনী ব্যক্তি টেছলাৰ চিইঅ’ ইলন মাস্কে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন বাতিল কৰিছে।এইটো প্ৰতিবাদ কৰাৰ এটা উপায়।
ইয়াৰ আঁৰৰ কাৰণ হৈছে পৰিচালক হামিছ ষ্টিলৰ বাবে সৃষ্টি হোৱা বিতৰ্ক।ইলন মাস্কৰ টুইটৰ পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নেটফ্লিক্সৰ বিষয়ে পোষ্টৰ বানপানী হৈছে।
দৰাচলতে, শেহতীয়াকৈ হামিছ ষ্টীলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ সোঁপন্থী ৰাজনৈতিক দলৰ এজন কৰ্মীৰ মৃত্যুৰ পিছত উপহাস কৰিছিল। এতিয়া মাস্কে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন বাতিল কৰি নিজৰ প্ৰতিবাদ পঞ্জীয়ন কৰিছে।
ইয়াৰ পূৰ্বে হামিছ ষ্টিলে নেটফ্লিক্সৰ এনিমেটেড ছিৰিজ ডেবট এণ্ড পেৰানৰ্মেল পাৰ্ক প্ৰযোজনা কৰিছিল।তেওঁৰ পোষ্টৰ ফলত সৃষ্টি হোৱা বিতৰ্কৰ পিছতে বহু লোকে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন বাতিল কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।
এতিয়া ইলন মাস্কেও নিজৰ নেটফ্লিক্স চাবস্ক্ৰিপচন বাতিল কৰিছে X প্লেটফৰ্মত পোষ্ট কৰিছে। পোষ্টটোত ইলন মাস্কে লিখিছে যে,“আপোনাৰ সন্তানৰ স্বাস্থ্যৰ বাবে নেটফ্লিক্স বাতিল কৰক।” মাস্কৰ এই টুইটৰ পিছতে বহু লোকে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন বাতিল কৰিছে।
লগতে পঢ়ক: পৃথিৱীৰ ৭খন বিপজ্জনক যুদ্ধ বিমান; জানক শীৰ্ষত কোন ?









