টীম ইণ্ডিয়া

নৱমবাৰলৈ এছিয়া কাপত ভাৰতৰ জয়; পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী

পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী এছিয়া কাপ ২০২৫ৰ ঐতিহাসিক ফাইনেলত টীম ইণ্ডিয়াই পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে।ইয়াৰ লগে লগে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে নৱমবাৰৰ বাবে (এদিনীয়া আৰু টি-২০ দুয়োটা ফৰ্মেটকে ধৰি) এছিয়া কাপত জয়লাভ কৰে। অৱশ্যে এইটো আছিল টি-২০ এছিয়া কাপৰ তৃতীয়

পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী

এছিয়া কাপ ২০২৫ৰ ঐতিহাসিক ফাইনেলত টীম ইণ্ডিয়াই পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে।ইয়াৰ লগে লগে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে নৱমবাৰৰ বাবে (এদিনীয়া আৰু টি-২০ দুয়োটা ফৰ্মেটকে ধৰি) এছিয়া কাপত জয়লাভ কৰে।

অৱশ্যে এইটো আছিল টি-২০ এছিয়া কাপৰ তৃতীয় সংস্কৰণ,য’ত টিম ইণ্ডিয়া দুবাৰকৈ চেম্পিয়ন হৈছিল।ইয়াৰ পূৰ্বে ২০১৬ চনৰ টি-২০ এছিয়া কাপত ভাৰতীয় দলটোৱে বিজয়ী হৈছিল।

ভাৰতে ১৯ অভাৰ ৪টা বলত ১৫০ ৰাণ সংগ্ৰহ কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে এছিয়া কাপৰ ফাইনেলত মুখামুখি হৈছিল ভাৰত-পাকিস্তান।

ইফালে খেলৰ অন্তত পুৰস্কাৰ বিতৰণ অনুষ্ঠানত ভাৰতে পাকিস্তানী মন্ত্ৰী তথা ACCৰ সভাপতি মহছিন নকভীৰ পৰা নল’লে এছিয়া কাপৰ ট্ৰফী।

ভাৰতে ইয়াৰ পূৰ্বে জনাই দিছিল যে, যদি এছিয়া কাপৰ ভাৰতে জয় লাভ কৰে তেনেহলে মহছিন নকভীৰ পৰা গ্ৰহণ নকৰে বঁটা।

ভাৰতীয় দলটোৱে তেওঁৰ পৰা এছিয়া কাপৰ ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত সেই ট্ৰফীটো লৈ গুচি যায় মহছিন নকভী।

এই কাণ্ডৰ বাবে নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ পৰৱৰ্তী বৈঠকত এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী মহছিন নাকভীৰ বিৰুদ্ধে বিচিচিআইয়ে “তীব্ৰ প্ৰতিবাদ” দাখিল কৰিব।

লগতে পঢ়ক: ফাইনেলৰ পূৰ্বে টিম ইণ্ডিয়াত মোক্ষম আঘাত; বাহিৰ হ’ল হাৰ্দিক পাণ্ডিয়া