CID

যোৰহাটত উপস্থিত CIDৰ দল; জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰম্ভ হ’ল তদন্ত

যোৰহাটত উপস্থিত CIDৰ দল অসমৰ হ্ৰাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হোৱাৰ পিছতে তেওঁৰ ন্যায় বিচাৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে। ৰাজ্যৰ থানাই থানাই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। জুবিন গাৰ্গৰ শেষকৃত্য হৈ যোৱাৰ পিছত হিয়াৰ আমঠু শিল্পী গৰাকীৰ ন্যায়ৰ দাবীত ৰাজ্যৰ

যোৰহাটত উপস্থিত CIDৰ দল

অসমৰ হ্ৰাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হোৱাৰ পিছতে তেওঁৰ ন্যায় বিচাৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে। ৰাজ্যৰ থানাই থানাই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

জুবিন গাৰ্গৰ শেষকৃত্য হৈ যোৱাৰ পিছত হিয়াৰ আমঠু শিল্পী গৰাকীৰ ন্যায়ৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰতিবাদ। তাৰ মাজতে যোৰহাটত উপস্থিত হৈছে CID ৰ এটা দল।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আৰম্ভ হ’ল তদন্ত।যোৰহাট উপস্থিত হৈ চি আই ডি ৰ দলটোৱে এজাহাৰকাৰীৰ ভাষ্য সংগ্ৰহ কৰিছে।

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণক অভিযুক্ত কৰি এজাহাৰ দাখিল কৰিছিল তেওঁলোকে। কোনো কাৰণতে এই অভিযুক্তক এৰি নিদিবলৈ দাবী সমগ্ৰ অসমবাসীৰ।

লগতে পঢ়ক: আপুনিও জুবিনৰ চিতাভস্ম বিচাৰে নেকি? অসম চৰকাৰে মুকলি কৰিব পৰ্টেল