ভাৰত-পাকৰ মেচক লৈ ভাইৰেল ৰবীনা টেণ্ডনৰ মন্তব্য
এছিয়া কাপ ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ ওপৰত সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ আছে।এই মেচখন চাবলৈ সকলোৱে উৎফুল্লিত হৈ পৰিছে।
কিন্তু আনহাতে কিছুমান মানুহে ভাৰতীয় দলৰ খেলুৱৈসকলে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে খেলিব নালাগিছিল বুলিও কৈছে।
পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা লোকসকলেও ইয়াৰ বিৰুদ্ধে মাত মাতিছে।তেওঁ কয় যে তেওঁলোকৰ ঘাঁবোৰ এতিয়াও সতেজ হৈ আছে।তেওঁলোকৰ চকুপানী শেষ হোৱাই নাই।
ইফালে টুইটাৰযোগে এই বিষয়ত নিজৰ মতামত দিছে অভিনেত্ৰী ৰবীনা টেণ্ডনে।তেওঁ লিখিছে যে, আশা কৰো আমাৰ ভাৰতীয় দলটোৱে ক’লা বেণ্ড পিন্ধি আঁঠু লৈ খেলিব।সেইটোও জয়ৰ আগতে।
চেলিব্ৰিটিসকলে এই ভাৰত-পাক মেচক লৈ বিশেষ একো কোৱা নাই।কিন্তু ৰবীনা এনেকুৱা এগৰাকী চেলিব্ৰিটি,যিগৰাকীয়ে সদায় মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিছে।
ইয়াৰ উপৰিও অভিনেতা সুনীল শ্বেট্টীয়ে এছিয়া কাপ ২০২৫ত অনুষ্ঠিত হ’বলগীয়া ভাৰত-পাকিস্তানৰ মেচ সন্দৰ্ভতো কয় যে এইখন এখন আন্তঃৰাষ্ট্ৰীয় খেল।আমি তেওঁলোকৰ নিয়মৰ দ্বাৰা বান্ধ খাই আছো।
ভাৰতীয় হোৱাৰ বাবে আমি এই মেচখন চাব বিচাৰো নে নাই সেয়া আমাৰ ব্যক্তিগত সিদ্ধান্ত,আমি মেচ চাবলৈ যাব লাগে নে নালাগে।এই সিদ্ধান্ত ভাৰতে ল’ব লাগিব।কিন্তু খেলাৰ বাবে ক্ৰিকেটাৰক দোষ দিব নোৱাৰি।
অভিনেতাগৰাকীয়ে আৰু কয়,‘তেওঁলোক খেলুৱৈ আৰু তেওঁলোকে দেশক প্ৰতিনিধিত্ব কৰাৰ আশা কৰা হৈছে।মই ভাবো আমি এই সিদ্ধান্ত ক’ব লাগিব।যদি চাব মন নাযায় তেন্তে নাচাও। আপুনি কি কৰিব বিচাৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰশীল।’
লগতে পঢ়ক: ‘ভাৰতীয় দল বিজয়ী হৈ উভতি আহিব…’; এছিয়া কাপক লৈ কপিল দেৱৰ ডাঙৰ মন্তব্য