ক্ৰিকেটত পাকিস্তান, হকীত চীনৰ সৈতে যুঁজ
ক্ৰীড়াপ্ৰেমীৰ বাবে এই দেওবাৰ উৎসৱতকৈ কম নহয় । এই দিনটোত ভাৰতৰ দুটা ভিন্ন দলৰ নিজৰ চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান আৰু চীনৰ সৈতে সংঘৰ্ষ হ’ব । এফালে ডুবাইত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ ক্ৰিকেট মেচত পাকিস্তানৰ বিৰুদ্ধে খেলিব টিম ইণ্ডিয়াই । আনহাতে, মহিলা হকী এছিয়া কাপৰ খিতাপৰ যুঁজ হাংঝুৰ মাটিত অনুষ্ঠিত হ’ব, য’ত ভাৰতীয় দলটোৱে আয়োজক চীনৰ সৈতে মুখামুখি হ’ব ।
ক্ৰিকেট আৰু হকী দুখন বেলেগ খেল হ’লেও এছিয়াৰ দুখন ঐতিহাসিক প্ৰতিদ্বন্দ্বিতাই একেদিনাই আৰু সন্ধিয়া উত্তেজনাৰ ধুমুহা সৃষ্টি কৰিবলৈ সাজু । ক্ৰীড়াৰ এই ছুপাৰ ছানডে’ কেৱল স্ক’ৰতে সীমাবদ্ধ নাথাকিব, ই গৌৰৱ, আবেগ আৰু প্ৰতিপত্তিৰ প্ৰতীক হৈ পৰিব । সমগ্ৰ বিশ্বৰ চকু এই খেলৰ ওপৰত থাকিব ।
পাকিস্তানৰ সৈতে ভাৰতৰ যুঁজ-
ডুবাই খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ৰ মেচ । এই মেচখন গুৰুত্বপূৰ্ণ কাৰণ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পিছত দুয়োখন দেশৰ দলৰ মাজত প্ৰথমবাৰৰ বাবে সংঘৰ্ষ হ’ব । এই মেচ সন্দৰ্ভত বিৰোধিতাও তুংগত আছে । কিন্তু সদায়ৰ দৰেই উৎসাহো অক্ষত আছে ।
দেওবাৰে নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচ । ভাৰত আৰু পাকিস্তানৰ ইতিহাস যদি চোৱা যায় তেন্তে টি-২০ মেচত ১৩ বাৰ মুখামুখি হৈছে দুয়োখন দেশ । ইয়াত ভাৰতে পাকিস্তানক ৯ বাৰ পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানে ৩ বাৰ জয়লাভ কৰিছে । এখন মেচ আছিল টাই, যিখন খেলত ভাৰতে বল আউট ৰুলত জয়লাভ কৰিছিল ।
এছিয়া কাপ জয়তো ভাৰতৰ চকু আছে । দুয়োটা দলৰ মাজত টি-২০ ফৰ্মেটত ৩ বাৰ সংঘৰ্ষ হৈছে আৰু ভাৰতে ২ বাৰ জয়লাভ কৰিছে । কিন্তু মেচখন অনুষ্ঠিত হোৱা ডুবাই খেলপথাৰত আগবাঢ়ি আছে পাকিস্তান । এই খেলপথাৰত খেলা ৩ খন খেলৰ ভিতৰত ২ খনত পাকিস্তানে জয়লাভ কৰিছে ।
চীন মুখামুখি হ’ব মহিলা হকী দলৰ-
দেওবাৰে মহিলা হকী এছিয়া কাপৰ ফাইনেলত মুখামুখি হ’ব চীন আৰু ভাৰত । ভাৰতীয় মহিলা হকী দলে জাপানৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ কৰে । ইয়াৰ পিছত ভাৰতীয় দলৰ চকু চীন আৰু কোৰিয়াৰ মাজত চলি থকা মেচখনত আছিল । এই খেলখনত আয়োজক চীনে ছুপাৰ ৪ পৰ্যায়ৰ অন্তিমখন খেলত কোৰিয়াক ১-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । কোৰিয়াৰ পৰাজয়ৰ লগে লগে ভাৰতীয় দলৰ ফাইনেলৰ টিকট নিশ্চিত হয় ।
এই চূড়ান্ত খেলখনত যিয়ে জয়ী হ’ব, সেই অহা বছৰ বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব । উল্লেখ্য যে এছিয়া কাপৰ ফাইনেলত ভাৰতীয় পুৰুষ হকী দলে জয়লাভ কৰে ।
লগতে পঢ়ক : এছিয়া কাপত কাইলৈ মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান… কি ৰণনীতিৰে নামিব দুয়ো দল