আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব চি পি ৰাধাকৃষ্ণনে
দেশৰ নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চি পি ৰাধাকৃষ্ণনক ৰাতিপুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰাব।
মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি ৰাধাকৃষ্ণনে জয়লাভ কৰে।মঙলবাৰে ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণন।
ৰাজ্যসভাৰ মহাসচিব তথা ৰিটাৰ্নিং অফিচাৰ পি চি মোদীয়ে ফলাফল ঘোষণা কৰি কয় যে, ৭৮১ জন সাংসদৰ ভিতৰত ৭৬৭ জন সাংসদে ভোটদান কৰিছে,যাৰ ৯৮.২ শতাংশ ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছে।
লগতে পঢ়ক: ‘হাইড্ৰজেন বোমা আহিব, সকলো মচি পেলোৱা হ’ব’; ৰায়বৰেলীত ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য
Post Views: 63