আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ
এইবাৰৰ বাৰিষাত বানপানী, ভূমিস্খলন আৰু ধাৰাষাৰ বৰষুণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা হিমাচল প্ৰদেশৰ মাণ্ডী আৰু কুল্লুৰ দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহৰ মঙলবাৰে আকাশী জৰীপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে বানাক্ৰান্ত ৰাজ্যখনৰ বাবে ১৫০০ কোটিৰ সাহায্যৰ কথাও ঘোষণা কৰে ।
তেওঁ এক্সত এটা পোষ্টত লিখিছে, ‘হিমাচল প্ৰদেশৰ বান আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে আকাশী জৰীপ চলোৱা হয় । এই কঠিন সময়ত আমি জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছো আৰু ক্ষতিগ্ৰস্ত লোকসকলক অবিৰত সহায় নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে ।’
হিমাচল প্ৰদেশলৈ ১৫০০ কোটিৰ আৰ্থিক সাহায্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ এছ ডি আৰ এফ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দ্বিতীয় কিস্তিও আগতীয়াকৈ মুকলি কৰি দিয়া হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ অঞ্চল আৰু জনসাধাৰণক পুনৰ ভাল অৱস্থালৈ অনাৰ বাবে বহুমুখী পন্থাৰ আহ্বান জনায় ।
हवाई सर्वेक्षण के जरिए हिमाचल प्रदेश में बाढ़ और लैंडस्लाइड की स्थिति का जायजा लिया। इस कठिन समय में हम प्रदेश के अपने भाई-बहनों के साथ पूरी मजबूती से खड़े हैं। इसके साथ ही प्रभावित लोगों की मदद के लिए कोई कोर-कसर नहीं छोड़ रहे हैं। pic.twitter.com/PS0klVwo5c
— Narendra Modi (@narendramodi) September 9, 2025
পি এম আৱাস যোজনাৰ অধীনত নিৰ্মাণ হ’ব ঘৰ-
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিমাচল প্ৰদেশত ভূমিস্খলন আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ঘৰ পুনৰ নিৰ্মাণ কৰা হ’ব । ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰা হ’ব, বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হ’ব । ইয়াৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনতো দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলে সহায় লাভ কৰিব । পশুধনৰ বাবে জাৰি কৰা হ’ব মিনি কিট ।
বিশেষকৈ যিসকল কৃষকৰ বৰ্তমান বিদ্যুতৰ সংযোগ নাই তেওঁলোকক অতিৰিক্ত সাহায্য প্ৰদান কৰা হ’ব । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ক্ষতিগ্ৰস্ত ঘৰৰ জিঅ’টেগিং কৰা হ’ব । ইয়াৰ দ্বাৰা ক্ষতিৰ সঠিক মূল্যায়ন আৰু ক্ষতিগ্ৰস্ত লোকসকলক দ্ৰুতভাৱে সাহায্য প্ৰদান কৰাত সহায়ক হ’ব ।
শিশুসকলৰ নিৰৱচ্ছিন্ন শিক্ষা নিশ্চিত কৰিবলৈ বিদ্যালয়সমূহে ক্ষতিৰ ৰিপৰ্ট আৰু জিঅ’টেগ কৰা হব, যিয়ে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সময়মতে সাহায্য লাভ কৰাত সহায় কৰিব । ইতিমধ্যে কেন্দ্রীয় চৰকাৰে বিভিন্ন মন্ত্র্যালয়ৰ এটা দল হিমাচল প্রদেশলৈ প্রেৰণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ৷ এই দলটোৱে দাখিল কৰা বিশদ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে হিমাচল প্ৰদেশৰ বাবে অধিক সহায়ৰ কথা বিবেচনা কৰিব ।
হিমাচল ত ৩৭০ জনৰো অধিক লোকৰ মৃত্যু-
২০ জুনৰ পৰা ৮ ছেপ্টেম্বৰৰ ভিতৰত হিমাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণ, ডাৱৰ বিস্ফোৰণ, বানপানী আৰু ভূমিস্খলনৰ ফলত ৪,১২২ কোটি টকাৰো অধিক লোকচান হৈছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যখনত ৩৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে ২০৫ জন লোকৰ মৃত্যু হৈছে বৰষুণৰ লগত জড়িত কাণ্ডত, য’ত ৪৩ জন ভূমিস্খলন, ১৭ জন ডাৱৰ বিস্ফোৰণ আৰু ৯ জন লোকৰ মৃত্যু হৈছে ।
ইফালে এই পাহাৰীয়া ৰাজ্যত পথ দুৰ্ঘটনাত ১৬৫ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও ৪১ জন লোক এতিয়াও সন্ধানহীন হৈ আছে । হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণে আন্তঃগাঁথনিৰো ব্যাপক ক্ষতিসাধন কৰিছে । ৰাজ্যখনত ৬৩৪৪টা ঘৰ, ৪৬১খন দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিসাধন হৈছে । বাৰিষা আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যখনত ১৩৬টা ভূমিস্খলন, ৯৫টা বান আৰু ৪৫টা ডাৱৰ বিস্ফোৰণৰ তথ্য পোৱা গৈছে ।
লগতে পঢ়ক : ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ মেক্ৰনক