তীব্ৰ প্ৰতিবাদৰ মাজতে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগ
ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা আৰু দুৰ্নীতিৰ বিৰুদ্ধে হোৱা হিংসাত্মক প্ৰতিবাদত মৃত্যুৰ নৈতিক দায়িত্ব মূৰ পাতি নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকে পদৰ পৰা পদত্যাগ কৰিছে । কেবিনেট বৈঠকৰ সময়ত তেওঁ পদত্যাগ পত্ৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক প্ৰদান কৰে । ৰমেশ লেখকে প্ৰতিবাদ দমন কৰিবলৈ নিৰাপত্তাৰক্ষীৰ বল প্ৰয়োগৰ ফলত হোৱা ২০ জনৰ মৃত্যুক ‘অকল্পনীয় ক্ষতি’ বুলি অভিহিত কৰি চৰকাৰে পৰিস্থিতি চম্ভালি লোৱা পদ্ধতিক ব্যাপক সমালোচনা কৰি পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লয় ।
উল্লেখ্য যে নেপালৰ ৰাজধানী কাঠমাণ্ডুকে ধৰি বহু ডাঙৰ চহৰত চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত এতিয়ালৈকে ২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ২৫০ জনতকৈ অধিক লোক আহত হৈছে । নেপালত দুৰ্নীতি, নিবনুৱা সমস্যা আৰু ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে বৃহৎ সংখ্যক যুৱক-যুৱতী । তেওঁলোকৰ প্ৰতিবাদৰ নাম GEN-Z ৰিভল্যুচন ৰখা হৈছে । প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ, পানীৰ কামান আৰু লাইভ-ফায়াৰিঙৰ আশ্ৰয় লয় ।
নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগক অলি চৰকাৰৰ ওপৰত ক্ৰমবৰ্ধমান হেঁচা হ্ৰাস কৰাৰ প্ৰয়াস বুলি বিবেচিত হৈছে । নেপালী সংসদৰ অধ্যক্ষ শ্বেৰ বাহাদুৰ দেউবাই কেবিনেট বৈঠকত লেখকৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে যদিও নৈতিক ভিত্তিত নেপালৰ গৃহমন্ত্ৰী লেখকৰ পদত্যাগ মানি লয় । ইয়াৰ পূর্বে ৰাষ্ট্রীয় নিৰাপত্তা পৰিষদৰ বৈঠকত প্রধানমন্ত্রী কে পি শর্মা অলিয়ে হিংসাত্মক প্রতিবাদৰ বাবে দেশৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে ৷ এই বৈঠকত বিত্তমন্ত্ৰী বিষ্ণু পৌডেল, বৈদেশিক মন্ত্ৰী অৰ্জুন ৰানা দেউবা আৰু সেনা প্ৰধান অশোক ৰাজ চিংডেলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে ৰাজধানী কাঠমাণ্ডুত কাৰ্ফিউ বলবৎ হৈ আছে, আনহাতে বিদ্যালয়-মহাবিদ্যালয় দুদিন ধৰি বন্ধ হৈ আছে আৰু সকলো পৰীক্ষা পিছুৱাই দিয়া হৈছে ।
ইফালে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী তীব্ৰতৰ কৰি তুলিছে বিৰোধীয়ে । ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগৰ দাবীত ৰাজনৈতিক হেঁচা বৃদ্ধি কৰিছে । এক আনুষ্ঠানিক বিবৃতিত আৰ এছ পিৰ সাধাৰণ সম্পাদক কবীন্দ্ৰ বুৰ্লাকোটিয়ে জেন-জেড প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰে গ্ৰহণ কৰা ‘নিষ্ঠুৰ কাৰ্যকলাপ’ক গৰিহণা দি দেশত নতুনকৈ ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায় । বৰ্তমান চৰকাৰৰ নৈতিক আৰু ৰাজনৈতিক বৈধতা হেৰুৱাইছে বুলিও তেওঁ কয় ।
লগতে পঢ়ক : নেপালত ZEN-Zৰ হিংসাত্মক প্ৰতিবাদ… ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব খুলি দিয়াৰ দাবী