আগন্তুক তিনিমাহৰ ভিতৰত কাম আৰম্ভ কৰিব NISARএ

আগন্তুক তিনিমাহৰ ভিতৰত কাম আৰম্ভ কৰিব NISARএ… ৭৪৭ কিলোমিটাৰৰ ওপৰৰ পৰা ৰাখিছে চকু

আগন্তুক তিনিমাহৰ ভিতৰত কাম আৰম্ভ কৰিব NISARএ আগন্তুক তিনিমাহৰ ভিতৰত নাছা-ইছৰোৰ যৌথ অভিযান NISARএ কাম আৰম্ভ কৰিব । ২০২৫ চনৰ ৩০ জুলাইত উৎক্ষেপণৰ পিছত নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰে (NISAR) এটা এটাকৈ ইয়াৰ বিভিন্ন অংশ সক্ৰিয় কৰি আছে । ইয়াৰ ৩৯ ফুট বহল ৰাডাৰ এন্টেনা ৰিফ্লেক্টৰ

আগন্তুক তিনিমাহৰ ভিতৰত কাম আৰম্ভ কৰিব NISARএ

আগন্তুক তিনিমাহৰ ভিতৰত নাছা-ইছৰোৰ যৌথ অভিযান NISARএ কাম আৰম্ভ কৰিব । ২০২৫ চনৰ ৩০ জুলাইত উৎক্ষেপণৰ পিছত নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰে (NISAR) এটা এটাকৈ ইয়াৰ বিভিন্ন অংশ সক্ৰিয় কৰি আছে । ইয়াৰ ৩৯ ফুট বহল ৰাডাৰ এন্টেনা ৰিফ্লেক্টৰ ১৫ আগষ্টত মুকলি কৰা হৈছে । এই উপগ্ৰহটোৱে পৃথিৱীৰ ভূমি, বৰফ, অৰণ্য আৰু অট্টালিকাৰ প্ৰতিটো সৰু-বৰ গতি নিবিড়ভাৱে নিৰীক্ষণ কৰিব । ইয়াৰ উপৰিও ভূমিকম্প, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ দৰে পৰিৱৰ্তনৰ তথ্যও অনুসৰণ কৰিব ।

NISAR হৈছে এনে এক অনন্য উপগ্ৰহ যিয়ে পৃথিৱীৰ পৃষ্ঠভাগ পূৰ্বতকৈ অধিক নিবিড়ভাৱে নিৰীক্ষণ কৰিব । ইয়াৰ এল-বেণ্ড আৰু এছ-বেণ্ড ৰাডাৰ চিষ্টেম অন কৰা হৈছে । এই দুয়োটা ব্যৱস্থাই একেলগে বন, নিয়ৰ, মাটিৰ আৰ্দ্ৰতা আৰু মাটিৰ গতিবিধি জুখিব । এই উপগ্ৰহটোৱে পৃথিৱীৰ বেছিভাগ অংশ প্ৰতি ১২ দিনৰ মূৰে মূৰে দুবাৰকৈ স্কেন কৰিব, যাৰ ফলত অৰণ্য, বৰফৰ পৃষ্ঠ আৰু অট্টালিকাৰ পৰিৱৰ্তনৰ সঠিক তথ্য আমি লাভ কৰাত সহায়ক হ’ব ।

ডাৱৰ আৰু বৰষুণৰ মাজতো দিনে নিশাই কাম কৰিব পাৰে NISAR ৰাডাৰে । এল-বেণ্ড ৰাডাৰে বনাঞ্চলৰ ভিতৰৰ মাটি আৰু জৈৱবস্তু জুখিব, আনহাতে এছ-বেণ্ড ৰাডাৰে সৰু গছ-গছনি, কৃষি আৰু আৰ্দ্ৰতাক চাব । ইয়াৰ উপৰিও ভূমিকম্প, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ আগত আৰু পিছত হোৱা সৰু সৰু মাটিৰ গতিবিধি (কেইবামিলিমিটাৰ পৰ্যন্ত) ধৰি ৰাখিব । অহা কেইসপ্তাহমানৰ ভিতৰত উপলব্ধ হ’ব বৈজ্ঞানিক মানৰ ছবি । ৯০ দিনৰ পাছত সম্পূৰ্ণ বৈজ্ঞানিক কাম আৰম্ভ হ’ব ।

ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব-

ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ নিদৰ্শন হৈছে NISAR । ইছৰোৱে এছ-বেণ্ড ৰাডাৰ আৰু চেটেলাইট বাছ নিৰ্মাণ কৰাৰ বিপৰীতে নাছাই এল-বেণ্ড ৰাডাৰ, এণ্টিনা আৰু ডাটা চিষ্টেম যোগান ধৰিছিল । সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা এই উপগ্ৰহটো এতিয়া ৭৪৭ কিলোমিটাৰ কক্ষপথত । ইছৰোৰ টেলিমেট্ৰি, ট্ৰেকিং আৰু কমাণ্ড নেটৱৰ্কে ইয়াক নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে নাছাৰ জেট প্ৰপালচন লেবৰেটৰী (জে পি এল) আৰু গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰে এই তথ্য পৰিচালনা কৰি আছে ।

নিছাৰৰ তথ্য কেৱল বিজ্ঞানীৰ বাবেই নহয়, সাধাৰণ জনতাৰ বাবেও উপকাৰী হ’ব । ই বান, ভূমিকম্প আৰু বনাঞ্চলৰ অৱস্থা বুজি পোৱাত সহায় কৰিব, যাৰ ফলত দুৰ্যোগ ব্যৱস্থাপনা আৰু পৰিৱেশ সুৰক্ষাৰ উন্নতি ঘটিব ।

লগতে পঢ়ক : মহাকাশত খাদ্য খোৱাটো কিমান কঠিন ! ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰিলে শুভাংশু শুক্লাই

শেহতীয়া প্ৰৱন্ধসমূহ