প্ৰধানমন্ত্ৰী

‘প্ৰতিজন খেলুৱৈয়ে লাভ কৰিব ৩ লাখ টকাৰ পুৰস্কাৰ…’; ভাৰতীয় হকী দলটোক অভিনন্দন প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় হকী দলটোক অভিনন্দন প্ৰধানমন্ত্ৰী মোদী বিহাৰৰ ৰাজগীৰ স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হকী এছিয়া কাপৰ খেলখনত ভাৰতীয় দলটোৱে দক্ষিণ কোৰিয়াক ৪-১ত পৰাস্ত কৰি খিতাপ দখল কৰে। এয়া চতুৰ্থবাৰৰ বাবে ভাৰতে এছিয়া কাপৰ খিতাপ দখল কৰিছে।ভাৰতে এতিয়া ২০২৬ ত বেলজিয়াম আৰু নেদাৰলেণ্ডে যৌথভাৱে আয়োজন কৰিবলগীয়া বিশ্বকাপৰ বাবে

ভাৰতীয় হকী দলটোক অভিনন্দন প্ৰধানমন্ত্ৰী মোদী

বিহাৰৰ ৰাজগীৰ স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হকী এছিয়া কাপৰ খেলখনত ভাৰতীয় দলটোৱে দক্ষিণ কোৰিয়াক ৪-১ত পৰাস্ত কৰি খিতাপ দখল কৰে।

এয়া চতুৰ্থবাৰৰ বাবে ভাৰতে এছিয়া কাপৰ খিতাপ দখল কৰিছে।ভাৰতে এতিয়া ২০২৬ ত বেলজিয়াম আৰু নেদাৰলেণ্ডে যৌথভাৱে আয়োজন কৰিবলগীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।এই বিজয়ৰ পিছত পি এম মোদীকে ধৰি বহু চেলিব্ৰিটিয়ে হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে।

ভাৰতৰ ঐতিহাসিক জয়ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, ‘বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ ২০২৫ত আমাৰ পুৰুষৰ হকী দলটোক দৰ্শনীয় জয়ৰ বাবে অভিনন্দন।’

‘এই জয় আৰু বিশেষ কাৰণ তেওঁলোকে ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰিছে!ভাৰতীয় হকী আৰু ভাৰতীয় ক্ৰীড়াৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত।আমাৰ খেলুৱৈসকলে অধিক উচ্চতা স্পৰ্শ কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই অনাটো কামনা কৰিলোঁ!’

প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়েও হকী দলটোক অভিনন্দন জ্ঞাপন কৰে।প্ৰিয়ংকা গান্ধীয়ে লিখিছে যে এয়া সমগ্ৰ দেশৰ বাবে অপৰিসীম সুখ আৰু গৌৰৱৰ মুহূৰ্ত।

লগতে পঢ়ক: হকী এছিয়া কাপৰ ফাইনেলত ভাৰতৰ দৰ্শনীয় জয়; দক্ষিণ কোৰিয়াক ৪-১ ত পৰাস্ত