Google ৰ বিৰুদ্ধে তদন্ত
Googleৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনলাইন বিজ্ঞাপনৰ অপব্যৱহাৰৰ বাবে ইউৰোপীয় আয়োগে Googleক প্ৰায় ৩.৫ বিলিয়ন ডলাৰ জৰিমনা বিহিছে। ভাৰতীয় টকাত এই জৰিমনা পৰিমাণ প্ৰায় ৩,০৮,৫৯,১০,৮৭,৭০০ টকা।
ইউৰোপীয় আয়োগৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলছত আছে। Googleৰ বিৰুদ্ধে জৰিমনা বিহা এই কার্যই সৃষ্টি কৰিছে হুলস্থুলৰ।
এফালে ইউৰোপীয় আয়োগে গুগলৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে, আনহাতে, ইউৰোপীয় আয়োগৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
ভাৰত আৰু অন্যান্য দেশৰ সৈতে হোৱা বাণিজ্যিক চুক্তি সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, “তেওঁলোকে বহুত ভাল কৰি আছে, কেৱল গুগলৰ সৈতে নহয় আমাৰ সকলো ডাঙৰ কোম্পানীৰে কি হৈ আছে, তাৰ বাবে আমি ইউৰোপীয় ইউনিয়নৰ ওপৰত ক্ষুব্ধ হৈছো।’
ইউৰোপীয় আয়োগে গুগলক নিজৰ আত্ম-অগ্ৰাধিকাৰ প্ৰথা বন্ধ কৰা আৰু বিজ্ঞাপন প্ৰযুক্তিৰ যোগান শৃংখলৰ সৈতে স্বাৰ্থৰ সংঘাত ৰোধৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হৈছে।
ইউৰোপীয় আয়োগৰ নিয়ন্ত্ৰকসকলে পূৰ্বে কোম্পানীটোক ভাঙি পেলোৱাৰ ভাবুকি দিছিল যদিও এতিয়াৰ বাবে সেই ভাবুকিটো শ্বেলফত ৰাখিছে।
আনহাতে এই ঘটনা সন্দৰ্ভত গুগলে এই সিদ্ধান্ত ভুল বুলি কৈছে আৰু ইয়াৰ বিৰুদ্ধে আবেদন কৰিব।
লগতে পঢ়ক: নেপাল চৰকাৰৰ ডাঙৰ ডিজিটেল ষ্ট্ৰাইক; Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ