ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনাইছে যে ধৰ্মীয় নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সদস্যসকলক পাছপ’ৰ্ট বা অন্যান্য ভ্ৰমণ নথি-পত্ৰ অবিহনেও দেশত থাকিবলৈ দিয়া হ’ব ।
যোৱা বছৰ কাৰ্যকৰী হোৱা নাগৰিকত্ব (সংশোধনী) আইন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে ভাৰতলৈ অহা এই নিৰ্যাতিত সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব । শেহতীয়াকৈ কাৰ্যকৰী হোৱা প্ৰব্ৰজন আৰু বিদেশী (নাগৰিকত্ব) আইন, ২০২৫ৰ অধীনত জাৰি কৰা এই গুৰুত্বপূৰ্ণ আদেশে বৃহৎ সংখ্যক লোকক সকাহ দিব, বিশেষকৈ পাকিস্তানৰ পৰা অহা হিন্দুসকলে ২০১৪ চনৰ পিছত ভাৰতলৈ আহি নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছিল ।
আদেশত কি কোৱা হৈছে ?
গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি, “ধৰ্মীয় নিৰ্যাতন বা ভয়ৰ বাবে ভাৰতত আশ্ৰয় ল’বলৈ বাধ্য হোৱা আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে বৈধ নথি-পত্ৰ নোহোৱাকৈ দেশত প্ৰৱেশ কৰা আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়- হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক বৈধ পাছপ’ৰ্ট আৰু ভিছা ৰখাৰ নিয়মৰ পৰা ৰেহাই দিয়া হ’ব ।”
নেপাল আৰু ভূটানৰ নাগৰিকৰ বাবে কি নিয়ম ?
এই আদেশত স্পষ্ট কৰা হৈছে যে নেপাল আৰু ভূটানৰ নাগৰিকে ভাৰতলৈ যাবলৈ বা ভাৰতত থাকিবলৈ পাছপ’ৰ্ট আৰু ভিছাৰ প্ৰয়োজন নহ’ব, যদিহে তেওঁলোকে সীমান্ত পথেৰে ভাৰতত প্ৰৱেশ কৰে । এই ব্যৱস্থা আগৰ দৰেই চলি থাকিব । কিন্তু যদি কোনো নেপালী বা ভূটানী নাগৰিক চীন, মাকাউ, হংকং বা পাকিস্তানৰ পৰা ভাৰতলৈ আহে, তেন্তে তেওঁৰ বাবে বৈধ পাছপ’ৰ্ট থকাটো বাধ্যতামূলক হ’ব ।
একেদৰে ভাৰতীয় নাগৰিকসকলকো নেপাল বা ভূটানৰ সীমান্তৰে ভাৰতলৈ অহা-যোৱা কৰিবলৈ পাছপ’ৰ্ট বা ভিছাৰ প্ৰয়োজন নাই । কিন্তু যদি তেওঁলোকে নেপাল বা ভূটানৰ বাহিৰে আন কোনো দেশৰ পৰা ভাৰতলৈ উভতি যায় (চীন, মাকাউ, হংকং আৰু পাকিস্তানৰ বাহিৰে) তেন্তে তেওঁলোকে বৈধ পাছপ’ৰ্ট দেখুৱাব লাগিব । একে সময়তে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱান, যিসকল কৰ্তব্যত ভাৰতত প্ৰৱেশ বা বাহিৰলৈ ওলাই আহিছে আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য (যদি চৰকাৰী পৰিবহণেৰে যাত্ৰা কৰি আছে) পাছপ’ৰ্ট বা ভিছাৰ প্ৰয়োজন নহ’ব ।
লগতে পঢ়ক : ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি… অধিক শক্তিশালী হ’ব ৰকেট আৰু উপগ্ৰহৰ অভিযান