মুখ্যমন্ত্ৰী

‘কংগ্ৰেছক প্ৰত্যাহ্বান , নাম দিব পাৰিলে পদত্যাগ কৰিম’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য শ্ৰীভূমি জিলাত এক বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে শ্ৰীভূমি ভ্ৰমণৰ সময়ত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছে ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে, কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই তাৰ নাম দিয়ক। তেলেংগানা,

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

শ্ৰীভূমি জিলাত এক বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে শ্ৰীভূমি ভ্ৰমণৰ সময়ত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছে ড০ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কৈছে যে, কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই তাৰ নাম দিয়ক। তেলেংগানা, কৰ্ণাটকত চৰকাৰে ঋণ লৈছে নে নাই?

কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই তাৰ এটা নাম আনি দিব পাৰিলে মই ৰাতিৰ ভিতৰতে পদত্যাগ কৰিম। ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই এতিয়া আলোড়নৰ সৃষ্টি কৰিছে।  

লগতে পঢ়ক: ঘোষণা হ’ল BTC নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী তালিকা; ২৮ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ বিজেপিৰ