টিয়ানজিনত বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা আৰম্ভ…
চীনৰ টিয়ানজিনত দেওবাৰৰ পৰা আৰম্ভ হৈছে চাংহাই সহযোগিতা সংস্থাৰ সন্মিলন। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও চীন ভ্ৰমণত আছে।
সমগ্ৰ বিশ্বৰ দৃষ্টি চীনৰ টিয়ানজিনত অনুষ্ঠিত হৈ থকা চাংহাই সহযোগিতা সংস্থা (এছচিঅ’ শীৰ্ষ সন্মিলন)ৰ ওপৰত নিবদ্ধ হৈ আছে।
বিশ্বজনীন বিষয়ৰ ওপৰত SCO ৰ নেতাসকলে আলোচনা আৰম্ভ কৰিছে। সোমবাৰে অৰ্থাৎ ১ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সকলো SCO নেতাৰ বৈঠক হ’ব।
বিশ্বৰ বিভিন্ন ফ্ৰণ্টত চলি থকা যুদ্ধৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক সম্পৰ্কলৈকে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চলি আছে।আজি এছ চি অ’ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণো দিব।
এনে পৰিস্থিতিত SCO ৰ নেতাসকলৰ যৌথ বক্তব্যত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকিব।আজি শীৰ্ষ সন্মিলনৰ উপৰিও প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত বৈঠক অনুষ্ঠিত হ’ব।
এই সময়ছোৱাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোপ কৰা শুল্ক আৰু ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ চলি থকা যুদ্ধৰ ওপৰত আলোচনা হ’ব পাৰে।
সোমবাৰে পুৱা ৭:৩০ বজাৰ পৰা ৯:১০ বজালৈ এছ চি অ’ৰ নেতাসকলৰ বৈঠক অনুষ্ঠিত হ’ব।ইয়াৰ পিছত ৯:৪৫ বজাৰ পৰা ১০:৩০ বজালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত দ্বিপাক্ষিক আলোচনা হ’ব।তাৰ পিছত ১১:১০ বজাত দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী।
লগতে পঢ়ক: একেখন মঞ্চতে প্ৰধানমন্ত্ৰী মোডী, জিনপিং, পুটিন আৰু শ্বাহবাজ; SCO নেতাৰ গ্ৰুপ ফটো চেচন