ICC ৰ এদিনীয়া ৰেংকিঙৰ পৰা নোহোৱা হ’ল নাম
ক্ৰিকেট অনুৰাগী সকলে প্ৰতি সপ্তাহত আইচিচিৰ ৰেংকিঙৰ বাবে অপেক্ষা কৰি থাকে। সমগ্ৰ বিশ্বই ইয়াৰ ওপৰত চকু ৰাখিলেও ICC এ এই কথাটো একেবাৰে গুৰুত্বসহকাৰে লোৱা নাই।
বুধবাৰে আকৌ এবাৰ ICC এ ৰেংকিং প্ৰকাশ কৰিলে, কিন্তু সেই সময়ত সকলো আচৰিত হৈছিল, কাৰণ যেতিয়া সেই ৰেংকিং প্ৰকাশ পালে তাত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ নাম হঠাতে এদিনীয়া ৰেংকিঙৰ পৰা নোহোৱা হৈ গ’ল।
কোনো কাৰণ নোলোৱাকৈয়ে আইচিচিয়ে তেওঁলোকৰ নাম আঁতৰাই দিয়ে। আনহাতে যোৱা সপ্তাহত এই দুয়োজন খেলুৱৈয়ে শীৰ্ষ ৫ ৰ ভিতৰত আছিল।
বুধবাৰে পুনৰবাৰ আইচিচিয়ে নিজৰ আপডেট কৰা এদিনীয়া ৰেংকিং প্ৰকাশ কৰে। ইয়াত শুভমান গিল এক নম্বৰত আছে আৰু পাকিস্তানৰ বাবৰ আজমৰ নাম দুই নম্বৰত আহিল।
আনহাতে যোৱা সপ্তাহত এই স্থান ৰোহিত শৰ্মাই দখল কৰিছিল।যোৱা সপ্তাহৰ কথা ক’বলৈ গ’লে ৰোহিত শৰ্মাই ৭৫৬ ৰেটিংৰে দ্বিতীয় আৰু কোহলী ৭৩৬ ৰেটিংৰে চতুৰ্থ স্থানত আছিল।
কিন্তু এতিয়া শীৰ্ষ ১০ বাদ, এই দুজনৰ নাম শীৰ্ষ ১০০ ত দেখা নাযায়।এই সমগ্ৰ বিষয়টোৰ ওপৰত আইচিচিয়ে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই,কিন্তু কাৰিকৰী দোষৰ বাবেই এনে হৈছে বুলি ধাৰণা কৰা হৈছে।কাৰণ ইয়াৰ পূৰ্বেও এনেকুৱা হৈছে।
লগতে পঢ়ক: এছিয়া কাপ ২০২৫ : দলৰ পৰা বাদ পৰিল আই পি এল ২০২৫ৰ অৰেঞ্জ আৰু পাৰ্পল কেপ বিজয়ী খেলুৱৈ