দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ… অভিযুক্তক গ্ৰেপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণৰ অপচেষ্টা কৰাৰ খবৰ প্ৰকাশ পাইছে । এই ঘটনা সংঘটিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী সদনত । মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সদনত ৰাজহুৱা শুনানি চলাই আছিল । এই সময়তে ৩৫ বছৰীয়া এজন যুৱকে তেওঁক আক্ৰমণ কৰে

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণৰ অপচেষ্টা কৰাৰ খবৰ প্ৰকাশ পাইছে । এই ঘটনা সংঘটিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী সদনত । মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সদনত ৰাজহুৱা শুনানি চলাই আছিল । এই সময়তে ৩৫ বছৰীয়া এজন যুৱকে তেওঁক আক্ৰমণ কৰে । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আক্ৰমণকাৰীক ।

বিজেপিয়ে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক বৃহস্পতিবাৰে পুৱা চিভিল লাইনত থকা তেওঁৰ চৰকাৰী বাসগৃহত আয়োজন কৰা ‘জন সুনৱাই’ কাৰ্যসূচীৰ সময়ত আক্ৰমণৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । ভাৰতীয় জনতা পাৰ্টিয়ে এই সমগ্ৰ ঘটনাক গৰিহণা দিছে ।

সাপ্তাহিক ৰাজহুৱা শুনানিৰ সময়ত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । প্ৰায় ৩৫ বছৰ বয়সৰ এজন লোকে মুখ্যমন্ত্ৰী গুপ্তাক আক্ৰমণ কৰে ।

জানিব পৰা মতে, ৰাজহুৱা শুনানিৰ সময়ত আক্রমণকাৰীয়ে প্রথমে মুখ্যমন্ত্রী গুপ্তাক কিছু কাগজ-পত্ৰ দিছিল আৰু তাৰ পাছত আক্রমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দিল্লী আৰক্ষীয়ে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । আক্ৰমণকাৰীক চিভিল লাইনছ থানালৈ লৈ যোৱা হৈছে ।

অভিযুক্ত গুজৰাটৰ ৰাজকোটৰ বাসিন্দা-

দিল্লী আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ৰাজেশ খিমজী নাম প্ৰকাশ কৰি গুজৰাটৰ ৰাজকোটৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে । তেওঁৰ নাম ঠিকনা পৰীক্ষা কৰা হৈছে । তেওঁৰ নথি-পত্ৰও পৰীক্ষা কৰা হৈছে ।

এইটো অতি দুৰ্ভাগ্যজনক : দেৱেন্দ্ৰ যাদৱ

মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰাজহুৱা শুনানিৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত দিল্লী কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱে কয়, “এয়া অতি দুৰ্ভাগ্যজনক । মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দিল্লীক নেতৃত্ব দিয়ে আৰু মই অনুভৱ কৰোঁ যে এনে ঘটনাক যিমানেই নিন্দা কৰা যাই সিমানেই কম । কিন্তু এই ঘটনাই মহিলাৰ সুৰক্ষাৰ বাস্তৱতাও উদঙাই দিয়ে । যদি দিল্লীৰ মুখ্যমন্ত্ৰী নিৰাপদ নহয়, তেন্তে এগৰাকী সাধাৰণ মানুহ বা সাধাৰণ মহিলা কেনেকৈ সুৰক্ষিত হ’ব পাৰে ?”

লগতে পঢ়ক : উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হ’ব সুদৰ্শন ৰেড্ডী; ৰাধাকৃষ্ণনক জনাব প্ৰত্যাহ্বান