দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণৰ অপচেষ্টা কৰাৰ খবৰ প্ৰকাশ পাইছে । এই ঘটনা সংঘটিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী সদনত । মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সদনত ৰাজহুৱা শুনানি চলাই আছিল । এই সময়তে ৩৫ বছৰীয়া এজন যুৱকে তেওঁক আক্ৰমণ কৰে । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আক্ৰমণকাৰীক ।
বিজেপিয়ে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক বৃহস্পতিবাৰে পুৱা চিভিল লাইনত থকা তেওঁৰ চৰকাৰী বাসগৃহত আয়োজন কৰা ‘জন সুনৱাই’ কাৰ্যসূচীৰ সময়ত আক্ৰমণৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । ভাৰতীয় জনতা পাৰ্টিয়ে এই সমগ্ৰ ঘটনাক গৰিহণা দিছে ।
সাপ্তাহিক ৰাজহুৱা শুনানিৰ সময়ত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । প্ৰায় ৩৫ বছৰ বয়সৰ এজন লোকে মুখ্যমন্ত্ৰী গুপ্তাক আক্ৰমণ কৰে ।
জানিব পৰা মতে, ৰাজহুৱা শুনানিৰ সময়ত আক্রমণকাৰীয়ে প্রথমে মুখ্যমন্ত্রী গুপ্তাক কিছু কাগজ-পত্ৰ দিছিল আৰু তাৰ পাছত আক্রমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দিল্লী আৰক্ষীয়ে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । আক্ৰমণকাৰীক চিভিল লাইনছ থানালৈ লৈ যোৱা হৈছে ।
অভিযুক্ত গুজৰাটৰ ৰাজকোটৰ বাসিন্দা-
দিল্লী আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ৰাজেশ খিমজী নাম প্ৰকাশ কৰি গুজৰাটৰ ৰাজকোটৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে । তেওঁৰ নাম ঠিকনা পৰীক্ষা কৰা হৈছে । তেওঁৰ নথি-পত্ৰও পৰীক্ষা কৰা হৈছে ।
এইটো অতি দুৰ্ভাগ্যজনক : দেৱেন্দ্ৰ যাদৱ
মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰাজহুৱা শুনানিৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত দিল্লী কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱে কয়, “এয়া অতি দুৰ্ভাগ্যজনক । মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দিল্লীক নেতৃত্ব দিয়ে আৰু মই অনুভৱ কৰোঁ যে এনে ঘটনাক যিমানেই নিন্দা কৰা যাই সিমানেই কম । কিন্তু এই ঘটনাই মহিলাৰ সুৰক্ষাৰ বাস্তৱতাও উদঙাই দিয়ে । যদি দিল্লীৰ মুখ্যমন্ত্ৰী নিৰাপদ নহয়, তেন্তে এগৰাকী সাধাৰণ মানুহ বা সাধাৰণ মহিলা কেনেকৈ সুৰক্ষিত হ’ব পাৰে ?”
লগতে পঢ়ক : উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হ’ব সুদৰ্শন ৰেড্ডী; ৰাধাকৃষ্ণনক জনাব প্ৰত্যাহ্বান