আজি বিশ্ব ফটোগ্ৰাফী দিৱস

আজি বিশ্ব ফটোগ্ৰাফী দিৱস… জানক কিয় উদযাপন কৰা হয় এই দিৱস

আজি বিশ্ব ফটোগ্ৰাফী দিৱস প্ৰতি বছৰে ১৯ আগষ্টত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰা হয় । এই দিনটো কেৱল ফটো তোলাৰ সুযোগ নহয়, ফটোগ্ৰাফীৰ ইতিহাস, গুৰুত্ব আৰু কলা বুজিবলৈও এক সুযোগ । ফটোগ্ৰাফীয়ে আমাৰ স্মৃতিবোৰক সাঁচি ৰাখে আৰু প্ৰতিটো মুহূৰ্তৰ কাহিনী কয় । কল্পনা কৰকচোন এখন

আজি বিশ্ব ফটোগ্ৰাফী দিৱস

প্ৰতি বছৰে ১৯ আগষ্টত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰা হয় । এই দিনটো কেৱল ফটো তোলাৰ সুযোগ নহয়, ফটোগ্ৰাফীৰ ইতিহাস, গুৰুত্ব আৰু কলা বুজিবলৈও এক সুযোগ । ফটোগ্ৰাফীয়ে আমাৰ স্মৃতিবোৰক সাঁচি ৰাখে আৰু প্ৰতিটো মুহূৰ্তৰ কাহিনী কয় । কল্পনা কৰকচোন এখন ছবিয়ে আপোনাৰ শৈশৱৰ স্মৃতি, বিশেষ পাৰিবাৰিক মুহূৰ্ত বা যাত্ৰাৰ আভাস কেনেকৈ একেটা ফ্ৰেমত ধৰি ৰাখিব পাৰে । এনে পৰিস্থিতিত এই বিশেষ দিনটোৰ আমোদজনক ইতিহাস, ইয়াৰ গুৰুত্ব আৰু ছবিয়ে আমাৰ স্মৃতি কেনেকৈ সলনি কৰে, সেই বিষয়ে জানো আহক ।

বিশ্ব ফটোগ্ৰাফী দিৱসৰ ইতিহাস-

১৯ শতিকাত ফটোগ্ৰাফী আৰম্ভ হৈছিল । প্ৰথমখন স্থায়ী ফটো ১৮২৬ চনত ফৰাচী উদ্ভাৱক জোচেফ নাইচেফ’ৰ নিপচে তুলিছিল । লাহে লাহে ফটোগ্ৰাফী শিল্প আৰু বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিল । ১৮৩৯ চনৰ ১৯ আগষ্টৰ পৰা আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফী দিৱস আৰম্ভ হয় । ফ্ৰান্স চৰকাৰে লুই ডাগুৱেৰৰ আৱিষ্কাৰ ‘ডাগুৱেৰ’টাইপ’ক জনসাধাৰণৰ মাজত পৰিচয় কৰাই দিয়ে । ইয়াক আধুনিক ফটোগ্ৰাফীৰ আৰম্ভণি বুলি গণ্য কৰা হয় ।

বিশ্ব ফটোগ্ৰাফী দিৱস ২০২৫ৰ থিম-

অফিচিয়েল থিম : “মোৰ প্ৰিয় ফটো” (MY FAVORITE PHOTO)

ফটোগ্ৰাফীৰ গুৰুত্ব-

স্মৃতি সংৰক্ষণ : ফটোগ্ৰাফীয়ে আমাৰ জীৱনৰ বিশেষ মুহূৰ্তবোৰ চিৰদিনৰ বাবে ৰক্ষা কৰে । জন্মদিন, বিয়া, ভ্ৰমণ বা উদযাপন, প্ৰতিখন ফটো আমাৰ স্মৃতিৰ অংশ হৈ পৰে ।

সমাজ আৰু সংস্কৃতিৰ নথি : ফটোত সমাজৰ সংস্কৃতি, ৰীতি-নীতি আৰু পৰিৱৰ্তন দেখা যায় । ইতিহাসবিদ আৰু গৱেষকসকলে সেইবোৰক ভৱিষ্যতৰ বাবে নথি হিচাপে গণ্য কৰে ।

আৱেগ প্ৰকাশ : কেতিয়াবা শব্দবোৰ চুটি হৈ পৰে যদিও ছবি এখনে হাজাৰ হাজাৰ শব্দৰ সমতুল্য আৱেগ প্ৰকাশ কৰিব পাৰে। ফটোগ্ৰাফীয়ে কথা নোকোৱাকৈয়ে হৃদয়ৰ অনুভৱবোৰ প্ৰকাশ কৰে।

শিল্প আৰু সৃষ্টিশীলতা : ফটোগ্ৰাফী কেৱল এটা কৌশল নহয়, ই এক কলাও । ই চিন্তা আৰু দৃষ্টিভংগী উলিয়াই আনে । ফটোগ্ৰাফাৰসকলে কেমেৰাৰ জৰিয়তে বিশ্বক এক নতুন ৰূপ দেখুৱাব পাৰে ।

তথ্য আৰু সজাগতা প্ৰচাৰ : বাতৰি আৰু ছ’চিয়েল মিডিয়াৰ ছবিয়ে সমাজত সজাগতা বিয়পাই দিয়ে । প্ৰাকৃতিক দুৰ্যোগ হওক, সামাজিক বিষয় হওক বা পৰিৱেশৰ পৰিস্থিতি হওক, ছবিয়ে আমাক চিন্তা কৰিবলৈ বাধ্য কৰে ।

বিশ্ব ফটোগ্ৰাফী দিৱস কেনেকৈ উদযাপন কৰা হয়-

মানুহে বিভিন্ন ধৰণেৰে বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰে । যেনে-

-ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী

-ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰা

-ফটোগ্ৰাফী কৰ্মশালা আৰু আলোচনা চক্ৰ

-পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ফটোগ্ৰাফী ভ্ৰমণ বা শ্বুটিং

ফটোবোৰে আমাৰ স্মৃতিবোৰ কেনেকৈ সলনি কৰে-

প্ৰতিখন ফটোৱে এটা কাহিনী কয় । পুৰণি ফটোবোৰে শৈশৱ, পৰিয়াল আৰু বিশেষ মুহূৰ্তৰ কথা মনত পেলাই দিয়ে । ডিজিটেল যুগত ফটো কেৱল আমাৰ ব্যক্তিগত স্মৃতিত সীমাবদ্ধ নহয় । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে এই স্মৃতি আৰু অভিজ্ঞতা আনৰ ওচৰলৈও যায় ।

লগতে পঢ়ক : AI এ বৃদ্ধি কৰিছে GenZ ৰ চিন্তা; ভয়তে ছাত্ৰীয়ে এৰিলে পঢ়াশুনা

শেহতীয়া প্ৰৱন্ধসমূহ