Microsoft

Microsoft ৰ মোক্ষম আঘাত; কৰ্ম সংস্কৃতিত কৰিছে ডাঙৰ পৰিৱৰ্তন

Microsoft ৰ মোক্ষম আঘাত Microsoft এ নিজৰ কৰ্ম সংস্কৃতিত এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সিদ্ধান্ত লৈছে। দৰাচলতে কোম্পানীটোৱে এতিয়া সিদ্ধান্ত লৈছে যে সকলো কৰ্মচাৰীৰ ৱৰ্কফৰ্ম হোম বন্ধ কৰিব। এতিয়াৰে পৰা তেওঁলোকৰ কৰ্মচাৰী সকলে সপ্তাহত কমেও তিনিদিন অফিচলৈ আহি কাম কৰিব লাগিব। এই নতুন নিয়ম বিশেষভাৱে ৰেডমণ্ডৰ

Microsoft ৰ মোক্ষম আঘাত

Microsoft এ নিজৰ কৰ্ম সংস্কৃতিত এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সিদ্ধান্ত লৈছে। দৰাচলতে কোম্পানীটোৱে এতিয়া সিদ্ধান্ত লৈছে যে সকলো কৰ্মচাৰীৰ ৱৰ্কফৰ্ম হোম বন্ধ কৰিব।

এতিয়াৰে পৰা তেওঁলোকৰ কৰ্মচাৰী সকলে সপ্তাহত কমেও তিনিদিন অফিচলৈ আহি কাম কৰিব লাগিব। এই নতুন নিয়ম বিশেষভাৱে ৰেডমণ্ডৰ মুখ্য কাৰ্যালয়ৰ পৰা ৫০ মাইলৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।কোম্পানীটোৰ ২ লাখ ২৮ হাজাৰ কৰ্মচাৰীৰ অধিকাংশই ইয়াৰ পৰাই কাম কৰে।

এই হাইব্ৰিড ৱৰ্ক মডেল ছেপ্টেম্বৰ মাহত ঘোষণা হোৱাৰ সম্ভাৱনা আছে।আনহাতে ২০২৬ চনৰ জানুৱাৰী মাহৰ শেষৰ পৰা এই নিয়ম কাৰ্যকৰী কৰিব পাৰে।

Microsoftৰ এই নতুন মডেলটো ৱাশ্বিংটনৰ ৰেডমণ্ডৰ মুখ্য কাৰ্যালয়ৰ পৰা ৫০ মাইলৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

আনকি কিছুমান দলে তেওঁলোকৰ মেনেজাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰি সপ্তাহত চাৰি-পাঁচ দিন কাৰ্যালয়ৰ পৰা কাম কৰিব লাগিব পাৰে।

কোম্পানীটোৰ কাৰ্যবাহী উপ-সভাপতিয়ে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰিব। অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিৰ বাবে সীমিত ব্যতিক্ৰম থাকিব।

Microsoftৰ বিষয়াসকলে এই পৰিৱৰ্তনৰ কাৰণ কিছুমান পৰিসংখ্যা বুলি কয়।এই পৰিসংখ্যাই ইংগিত দিয়ে যে যিসকল কৰ্মচাৰীয়ে কাৰ্যালয়ত ৩ৰ পৰা ৪ দিন কটায় তেওঁলোকৰ থ্ৰিভিং স্ক’ৰ বেছি।

এই নম্বৰটো হৈছে কৰ্মক্ষেত্ৰত সন্তুষ্টি আৰু মংগলৰ পৰিমাপ।মাইক্ৰ’ছফ্টৰ ৰেডমণ্ড কেম্পাছত এক বৃহৎ পৰিৱৰ্তন চলি আছে।

১২টা পুৰণি অট্টালিকাৰ ঠাইত ১৭টা নতুন অট্টালিকা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে,ইয়াৰ ফলত আৰু প্ৰায় ৮ হাজাৰ কৰ্মচাৰীৰ বাবে ঠাই সৃষ্টি হ’ব।

মাইক্ৰ’ছফটে কয় যে যিসকলে সপ্তাহত তিনিদিন অফিচৰ পৰা কাম কৰিব, সেই সকল কৰ্মচাৰীৰ বাবে সুকীয়া ডেস্ক থাকিব।

লগতে পঢ়ক: AI এ বৃদ্ধি কৰিছে GenZ ৰ চিন্তা; ভয়তে ছাত্ৰীয়ে এৰিলে পঢ়াশুনা

শেহতীয়া প্ৰৱন্ধসমূহ