প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাৰ, ভাৰতত ১৭.৫ বিলিয়ন ডলাৰৰ বিনিয়োগ ঘোষণা

মাইক্ৰ’ছফটে ভাৰতৰ এআই-ফাৰ্ষ্ট ভৱিষ্যত শক্তিশালী কৰাৰ বাবে দেশত ১৭.৫ বিলিয়ন ডলাৰৰ বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে । আজি প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাই ।

ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) বিপ্লৱক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাই এক বৃহৎ সফলতা লাভ কৰিছে । প্ৰযুক্তিৰ ক্ষেত্ৰৰ দিগ্গজ মাইক্ৰ’ছফটে ভাৰতৰ এআই-ফাৰ্ষ্ট ভৱিষ্যত শক্তিশালী কৰাৰ বাবে দেশত ১৭.৫ বিলিয়ন ডলাৰ (প্ৰায় ১,৪৫,০০০ কোটি)ৰ বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে । মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাৰ মতে এই ধনৰাশি এতিয়ালৈকে এছিয়াত কোম্পানীটোৰ সৰ্ববৃহৎ বিনিয়োগ ।

ছচিয়েল মিডিয়াত প্ৰকাশ কৰিলে তথ্য-

মাইক্ৰ’ছফ্টৰ চি ই অ’ সত্য নাডেলাই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায় । তেওঁ লিখিছে, “ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী, ভাৰতৰ এ আইৰ সুযোগৰ বিষয়ে আমাৰ সৈতে কথা পতাৰ বাবে । দেশৰ উচ্চাকাংক্ষাক সমৰ্থন কৰিবলৈ মাইক্ৰ’ছফটে ১৭.৫ বিলিয়ন ডলাৰৰ প্ৰতিশ্ৰুতি দিছে, যিটো এছিয়াত আমাৰ এতিয়ালৈকে সৰ্ববৃহৎ বিনিয়োগ, যিয়ে ভাৰতৰ এ আই-ফাৰ্ষ্ট ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু দক্ষতা গঢ়ি তোলাত সহায় কৰিব ।”

এ আই আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব-

এই বিনিয়োগে মূলতঃ দেশৰ এ আই আৰু ক্লাউড কম্পিউটিঙৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অত্যাধুনিক ডাটা চেণ্টাৰ আৰু প্ৰযুক্তিৰ আন্তঃগাঁথনি বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । ইয়াৰ উপৰিও ভাৰতীয় প্ৰতিভাক এ আই যুগৰ বাবে প্ৰস্তুত কৰাৰ বাবে প্ৰশিক্ষণ আৰু দক্ষতা কাৰ্যসূচীৰ বাবে ধন আগবঢ়াব । মাইক্ৰ’ছফ্টৰ এই উল্লেখযোগ্য বিনিয়োগক বিশ্বৰ এ আই মেপত ভাৰতক প্ৰধান শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীৰ “ডিজিটেল ইণ্ডিয়া” আৰু “আত্মনিৰ্ভৰ ভাৰত”ৰ পদক্ষেপক শক্তিশালী কৰিব ।

লগতে পঢ়ক : এন ডি এ সংসদীয় দলৰ বৈঠকত বংগ নিৰ্বাচনৰ চৰ্চা, সাংসদসকলক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে এই কাম

Microsoft ৰ মোক্ষম আঘাত; কৰ্ম সংস্কৃতিত কৰিছে ডাঙৰ পৰিৱৰ্তন

Microsoft ৰ মোক্ষম আঘাত

Microsoft এ নিজৰ কৰ্ম সংস্কৃতিত এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সিদ্ধান্ত লৈছে। দৰাচলতে কোম্পানীটোৱে এতিয়া সিদ্ধান্ত লৈছে যে সকলো কৰ্মচাৰীৰ ৱৰ্কফৰ্ম হোম বন্ধ কৰিব।

এতিয়াৰে পৰা তেওঁলোকৰ কৰ্মচাৰী সকলে সপ্তাহত কমেও তিনিদিন অফিচলৈ আহি কাম কৰিব লাগিব। এই নতুন নিয়ম বিশেষভাৱে ৰেডমণ্ডৰ মুখ্য কাৰ্যালয়ৰ পৰা ৫০ মাইলৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।কোম্পানীটোৰ ২ লাখ ২৮ হাজাৰ কৰ্মচাৰীৰ অধিকাংশই ইয়াৰ পৰাই কাম কৰে।

এই হাইব্ৰিড ৱৰ্ক মডেল ছেপ্টেম্বৰ মাহত ঘোষণা হোৱাৰ সম্ভাৱনা আছে।আনহাতে ২০২৬ চনৰ জানুৱাৰী মাহৰ শেষৰ পৰা এই নিয়ম কাৰ্যকৰী কৰিব পাৰে।

Microsoftৰ এই নতুন মডেলটো ৱাশ্বিংটনৰ ৰেডমণ্ডৰ মুখ্য কাৰ্যালয়ৰ পৰা ৫০ মাইলৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

আনকি কিছুমান দলে তেওঁলোকৰ মেনেজাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰি সপ্তাহত চাৰি-পাঁচ দিন কাৰ্যালয়ৰ পৰা কাম কৰিব লাগিব পাৰে।

কোম্পানীটোৰ কাৰ্যবাহী উপ-সভাপতিয়ে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰিব। অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিৰ বাবে সীমিত ব্যতিক্ৰম থাকিব।

Microsoftৰ বিষয়াসকলে এই পৰিৱৰ্তনৰ কাৰণ কিছুমান পৰিসংখ্যা বুলি কয়।এই পৰিসংখ্যাই ইংগিত দিয়ে যে যিসকল কৰ্মচাৰীয়ে কাৰ্যালয়ত ৩ৰ পৰা ৪ দিন কটায় তেওঁলোকৰ থ্ৰিভিং স্ক’ৰ বেছি।

এই নম্বৰটো হৈছে কৰ্মক্ষেত্ৰত সন্তুষ্টি আৰু মংগলৰ পৰিমাপ।মাইক্ৰ’ছফ্টৰ ৰেডমণ্ড কেম্পাছত এক বৃহৎ পৰিৱৰ্তন চলি আছে।

১২টা পুৰণি অট্টালিকাৰ ঠাইত ১৭টা নতুন অট্টালিকা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে,ইয়াৰ ফলত আৰু প্ৰায় ৮ হাজাৰ কৰ্মচাৰীৰ বাবে ঠাই সৃষ্টি হ’ব।

মাইক্ৰ’ছফটে কয় যে যিসকলে সপ্তাহত তিনিদিন অফিচৰ পৰা কাম কৰিব, সেই সকল কৰ্মচাৰীৰ বাবে সুকীয়া ডেস্ক থাকিব।

লগতে পঢ়ক: AI এ বৃদ্ধি কৰিছে GenZ ৰ চিন্তা; ভয়তে ছাত্ৰীয়ে এৰিলে পঢ়াশুনা