বিবেক অগ্নিহোত্ৰী

বিবেক অগ্নিহোত্ৰীৰ বাঢ়িছে বিপদ ; ‘দ্য বেংগল ফাইলছ’ ৰ বাবে পঞ্জীয়ন এফআইআৰ

বিবেক অগ্নিহোত্ৰীৰ বাঢ়িছে বিপদ মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাই পৰিছে ‘দ্য বেংগল ফাইলছ’ ছবিখন।শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাত এক হুলস্থুলৰ সৃষ্টি হৈছে। ছবিখনৰ কাহিনী ভাৰত-পাকিস্তান বিভাজনৰ সময়ত কেনেকৈ মানুহবোৰ জ্বলি আছিল সেই সময়ৰ ।একে সময়তে ১৯৪৬ চনৰ দাঙ্গা বন্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিখ্যাত

বিবেক অগ্নিহোত্ৰীৰ বাঢ়িছে বিপদ

মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাই পৰিছে ‘দ্য বেংগল ফাইলছ’ ছবিখন।শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাত এক হুলস্থুলৰ সৃষ্টি হৈছে।

ছবিখনৰ কাহিনী ভাৰত-পাকিস্তান বিভাজনৰ সময়ত কেনেকৈ মানুহবোৰ জ্বলি আছিল সেই সময়ৰ ।একে সময়তে ১৯৪৬ চনৰ দাঙ্গা বন্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিখ্যাত বাঙালী যোদ্ধা গোপাল মুখাৰ্জীৰ চিত্ৰকল্পক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

গোপাল মুখাৰ্জীৰ নাতি শান্তনু মুখাৰ্জীয়ে পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

দৰাচলতে ছবিখনৰ ট্ৰেইলাৰত গোপাল মুখাৰ্জীক ‘এক থা কসাই গোপাল পাঠা’ হিচাপে চিনাকি কৰাই দিয়া হৈছে।যাৰ বিষয়ে শান্তনুৱে দাবী কৰে যে এইটো তেওঁৰ ককাকৰ চৰিত্ৰৰ ভুল বৰ্ণনা।

শান্তনুৰ দাবী তেওঁৰ ককাক পেছাত কসাই নাছিল,বৰঞ্চ তেওঁ আছিল এজন মল্লযুঁজাৰু আৰু অনুশীলন সমিতিৰ এজন বিশিষ্ট ব্যক্তি।যিয়ে ১৯৪৬ চনত মুছলিম লীগৰ দাঙ্গা বন্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

শান্তনুৱে পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীলৈ আইনী জাননী প্ৰেৰণ কৰিছে।য’ত তেওঁৰ ককাকৰ চৰিত্ৰ বিকৃত কৰাৰ অভিযোগত ক্ষমা বিচাৰিবলৈ দাবী জনাইছে। তেওঁ দাবী কৰিছে যে ছবিখনত চিত্ৰণ কেৱল ভুল হোৱাই নহয়, ই পৰিয়াল আৰু সমাজৰ বাবেও আঘাত কৰিছে।

শান্তনুৱে দাবী কৰিছিল, ‘মোৰ ককাক কসাই আৰু পাঠা (ছাগলী) বুলি কোৱা হৈছিল, যিটো অপমানজনক।মই ভাবো বিবেক অগ্নিহোত্ৰীয়ে এই বিষয়ে অধিক গৱেষণা কৰা উচিত।তেওঁলোকে এই ভুল তথ্য ক’ৰ পৰা পালে?

‘তেওঁ আমাৰ লগত যোগাযোগো কৰা নাই।সেইবাবেই আমি ইয়াৰ বিৰোধিতা কৰিছো আৰু কৰি যাম।আমাৰ প্ৰতিবাদ প্ৰকাশ কৰিবলৈ আমি বিবেক অগ্নিহোত্ৰীলৈ আইনী জাননী প্ৰেৰণ কৰিছো আৰু লগতে এফআইআৰো দাখিল কৰিছো।’

লগতে পঢ়ক: ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত গুলীচালনা; গেংষ্টাৰ হিমাংশু ভাউৰ দায়িত্ব স্বীকাৰ

শেহতীয়া প্ৰৱন্ধসমূহ