‘উদয়পুৰ ফাইলছ’ৰ প্ৰযোজকলৈ মৃত্যুৰ ভাবুকি
আইনী যুঁজৰ অন্তত অৱশেষত ছবিগৃহত মুক্তি পালে ‘উদয়পুৰ ফাইলছ’ ছবিখন।অৱশ্যে ছবি নিৰ্মাতাসকলৰ বাবে পৰিস্থিতি এতিয়াও সকলো ভাল নহয়।
এফালে ছবিখনে দৰ্শক লাভ নকৰাৰ বিপৰীতে আনফালে প্ৰযোজক অমিত জানীয়ে দাবী কৰিছে যে ছবিখন সন্দৰ্ভত তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰিছে।
দৰাচলতে কালি অৰ্থাৎ ৯ আগষ্টত ছচিয়েল মিডিয়াত অমিত জানীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছিল।য’ত জানীয়ে দাবী কৰিছিল যে তেওঁলৈ অজ্ঞাত নম্বৰৰ পৰা বাৰে বাৰে ফোন আহিছিল।
য’ত ফোন কৰাজনে তেওঁক বোমাৰে উৰুৱাই দিব বা গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছে।তেওঁ এই বিষয়টোৰ তদন্ত কৰিবলৈ কৰ্তৃপক্ষক অনুৰোধ জনাইছে।
অমিত জানীয়ে টুইট কৰি কয় যে তেওঁলৈ অহৰহ ভাবুকি আহি আছে।আৰক্ষীলৈ লিখা এজাহাৰ পত্ৰখনত তেওঁ কয়, ‘+৯৭১৫৬৬৭০৭৩১০ নম্বৰৰ পৰা বোমাৰে উৰুৱাই দিয়াৰ অবিৰত ভাবুকি, গুলীচালনাৰ ভাবুকি আৰু অশ্নীল গালি-গালাজ কৰা হৈছে’।
‘ফোনকৰা জনে নিজকে বিহাৰৰ বাসিন্দা আৰু তেওঁৰ নাম টাব্ৰেজ বুলি দাবী কৰিছে। সেই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব লাগে।’
ইয়াৰ লগতে তেওঁ লিখিছে যে ভাবুকি দিয়া ব্যক্তিজনেও কৈছে যে আপুনি ছবিখনত আমাৰ হজৰত মহম্মদক ভুলকৈ উপস্থাপন কৰাৰ লগতে তেওঁক অপমান কৰিছে।
এনে ভাবুকি পোৱাৰ পিছত প্ৰযোজক অমিত জানীক কেন্দ্ৰীয় চৰকাৰে দিল্লী আৰু উত্তৰ প্ৰদেশত তেওঁৰ সুৰক্ষাৰ বাবে ‘ৱাই’ শ্ৰেণীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।য’ত ৮ৰ পৰা ১১ জনীয়া এটা দল অন্তৰ্ভুক্ত।