‘উদয়পুৰ ফাইলছ’ৰ প্ৰযোজকলৈ মৃত্যুৰ ভাবুকি; সহায়ৰ বাবে আবেদন

‘উদয়পুৰ ফাইলছ’ৰ প্ৰযোজকলৈ মৃত্যুৰ ভাবুকি

আইনী যুঁজৰ অন্তত অৱশেষত ছবিগৃহত মুক্তি পালে ‘উদয়পুৰ ফাইলছ’ ছবিখন।অৱশ্যে ছবি নিৰ্মাতাসকলৰ বাবে পৰিস্থিতি এতিয়াও সকলো ভাল নহয়।

এফালে ছবিখনে দৰ্শক লাভ নকৰাৰ বিপৰীতে আনফালে প্ৰযোজক অমিত জানীয়ে দাবী কৰিছে যে ছবিখন সন্দৰ্ভত তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰিছে।

দৰাচলতে কালি অৰ্থাৎ ৯ আগষ্টত ছচিয়েল মিডিয়াত অমিত জানীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছিল।য’ত জানীয়ে দাবী কৰিছিল যে তেওঁলৈ অজ্ঞাত নম্বৰৰ পৰা বাৰে বাৰে ফোন আহিছিল।

য’ত ফোন কৰাজনে তেওঁক বোমাৰে উৰুৱাই দিব বা গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছে।তেওঁ এই বিষয়টোৰ তদন্ত কৰিবলৈ কৰ্তৃপক্ষক অনুৰোধ জনাইছে।

অমিত জানীয়ে টুইট কৰি কয় যে তেওঁলৈ অহৰহ ভাবুকি আহি আছে।আৰক্ষীলৈ লিখা এজাহাৰ পত্ৰখনত তেওঁ কয়, ‘+৯৭১৫৬৬৭০৭৩১০ নম্বৰৰ পৰা বোমাৰে উৰুৱাই দিয়াৰ অবিৰত ভাবুকি, গুলীচালনাৰ ভাবুকি আৰু অশ্নীল গালি-গালাজ কৰা হৈছে’।

‘ফোনকৰা জনে নিজকে বিহাৰৰ বাসিন্দা আৰু তেওঁৰ নাম টাব্ৰেজ বুলি দাবী কৰিছে।   সেই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব লাগে।’

ইয়াৰ লগতে তেওঁ লিখিছে যে ভাবুকি দিয়া ব্যক্তিজনেও কৈছে যে আপুনি ছবিখনত আমাৰ হজৰত মহম্মদক ভুলকৈ উপস্থাপন কৰাৰ লগতে তেওঁক অপমান কৰিছে।

এনে ভাবুকি পোৱাৰ পিছত প্ৰযোজক অমিত জানীক কেন্দ্ৰীয় চৰকাৰে দিল্লী আৰু উত্তৰ প্ৰদেশত তেওঁৰ সুৰক্ষাৰ বাবে ‘ৱাই’ শ্ৰেণীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।য’ত ৮ৰ পৰা ১১ জনীয়া এটা দল অন্তৰ্ভুক্ত।

লগতে পঢ়ক: বলীউডত উলহ মালহেৰে উদযাপন ৰাখী বন্ধন… অক্ষয় কুমাৰৰ পৰা চাৰা আলী খানলৈকে সকলোৱে এনেদৰে উদযাপন কৰিলে ৰাখী

‘উদয়পুৰ ফাইলছ’ৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

‘উদয়পুৰ ফাইলছ’ৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ

কানহাইয়া লাল হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত ‘উদয়পুৰ ফাইলছ’ ছবিখনৰ মুক্তি নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।

আদালতে গোচৰটো দিল্লী উচ্চ ন্যায়ালয়ত অৰ্পণ কৰি সকলো পক্ষকে তাত যুক্তি দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।উচ্চতম ন্যায়ালয়ে কয় যে উদয়পুৰ ফাইলছ মুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ পক্ষৰ পৰা কোনো নিষেধাজ্ঞা নাই।

উচ্চতম ন্যায়ালয়ে কয়, ⁠এই আদালতে মেৰিটৰ ওপৰত কোনো মন্তব্য কৰা নাই। ছবিখন ৰাজস্থানৰ দৰ্জী কানহাইয়ালালৰ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত বুলি দাবী কৰি বিৰোধিতা কৰা হৈছে।

উচ্চতম ন্যায়ালয়ে এই গোচৰ দিল্লী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰি আবেদনকাৰীসকলক উচ্চ ন্যায়ালয়ত যুক্তি দাখিল কৰিবলৈ কয়।

ইফালে, উচ্চতম ন্যায়ালয়ৰ পৰা আবেদন প্ৰত্যাহাৰ কৰিছে ছবি প্ৰযোজকগৰাকীয়ে।আদালতে কয় যে কেন্দ্ৰীয় সমিতিৰ এই নিৰ্দেশে তেওঁৰ আবেদনখন অৰ্থহীন কৰি তুলিছে।

আদালতৰ এই সিদ্ধান্তত অতি সুখী চলচ্চিত্ৰ প্ৰযোজক অমিত জানি। লগতে মেকাৰসকলে ছবিখনৰ মুক্তিৰ নতুন তাৰিখ ঘোষণা কৰিছে।

ছবিখনৰ পৰিচালক ভাৰত শ্ৰীনেটে কয় যে অহা ৮ আগষ্টত ছবিখন ছবিগৃহত মুক্তি পাব। কিন্তু ইয়াৰ পূৰ্বে ২৮ জুলাইত উচ্চতম ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়ক বিষয়টো শুনানি গ্ৰহণ কৰিবলৈ কৈছিল।

ছবিখনৰ মুক্তিৰ সন্দৰ্ভত পৰিচালক ভাৰত শ্ৰীনেটে কয়, ‘আমি বিচাৰিছিলো যে ছবিখন ১১ জুলাইত ছবিগৃহত মুক্তি পাওক।

এতিয়া আমি কিছু সকাহ পাইছো যে আমি ৮ আগষ্টত মুক্তি কৰিব পাৰিম।সত্যই সদায় জয়ী হয়, আৰু সত্যই সদায় প্ৰাধান্য পায়।

ইফালে কানহাইয়া লালৰ পুত্ৰ যশ সাহুৱে কয় যে উচ্চতম ন্যায়ালয়ে ছবিখন মুক্তিৰ অনুমতি দিছে, গতিকে উচ্চ ন্যায়ালয়ে কিবা কৰিব বুলি মই নাভাবো।

লগতে পঢ়ক: ডাবল মিনিং কৌতুক কৰা কমেডিয়ানসকলক তীক্ষ্ণ সমালোচনা জনী লিভাৰৰ…