শীঘ্ৰেই ভাৰতলৈ আহিব ভ্লাদিমিৰ পুটিন
আমেৰিকাৰ শুল্ক যুদ্ধৰ মাজতে এক ডাঙৰ খবৰ পোহৰলৈ আহিছে।শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিবলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।
আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।বৃহস্পতিবাৰে মস্কোত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ খবৰ এনে এটা সময়ত আহিছে যেতিয়া ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাত ক্ষুব্ধ হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০% শুল্ক বৃদ্ধি কৰিছে।
শেহতিয়াকৈ আমেৰিকাৰ দূত ষ্টিভ উইংকফেও ৰাছিয়া ভ্ৰমণ কৰিছিল, য’ত তেওঁ পুটিনক লগ পাইছিল যদিও দুয়োখন দেশৰ মাজত কোনো গুৰুত্বপূৰ্ণ চুক্তি হ’ব পৰা নাছিল।
কিন্তু এই বৈঠকৰ পাছতো ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰু ২৫ শতাংশ শুল্ক বৃদ্ধি কৰে। ইফালে, মস্কোত উপস্থিত হোৱা এন এছ এ ড’ভালৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ নিশ্চিত কৰা কথাই স্পষ্ট কৰেযে ভাৰতে আমেৰিকাৰ শুল্ক ভাবুকিৰ প্ৰতি ভয় খোৱা নাই।
তেওঁ পূৰ্বেও কৈছিল যে ৰাছিয়া তেওঁৰ বিশ্বাসযোগ্য অংশীদাৰ আৰু তেওঁ ইয়াৰ সৈতে ইমান সহজে বাণিজ্য আৰু কৌশলগত সম্পৰ্ক ভংগ নকৰে।
লগতে পঢ়ক: আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত!পুনৰ ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ