ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য
ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তি আৰু শুল্কক লৈ চৌদিশে হাহাকাৰ হৈছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সেই প্ৰতিবেদনসমূহক আদৰণি জনাইছে,য’ত কোৱা হৈছে যে ভাৰতে সম্ভৱতঃ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰিব পাৰে।
যেতিয়া ট্ৰাম্পক সোধা হৈছিল যে তেওঁ ভাৰতৰ ওপৰত কোনো ধৰণৰ জৰিমনা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিবৰ বাবে কিবা পৰিকল্পনা কৰিছে নেকি? ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে মই শুনিছো যে ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, “মোৰ লাগিছে যে ভাৰতে এতিয়া আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে।মই এইটোৱে শুনিছো, মই নাজানো যে এইটো শুদ্ধ নে ভুল। এইটো ভাল পদক্ষেপ। আমি চাম কি হয়”।
ট্ৰাম্পৰ এই মন্তব্য সেই সময়ত আহিছে যেতিয়া আমেৰিকাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়াৰ পৰা তেল বিক্ৰীৰ পৰা হোৱা আয়ক সীমিত কৰিবলৈ বিশ্বব্যাপী হেঁচা প্ৰয়োগ কৰিছে।
উল্লেখ্য যে, ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰক হয় আৰু পশ্চিমীয়া নিষেধাজ্ঞাৰ পিছত ভাৰতে ২০২২ চনৰ পৰা ৰাছিয়াৰ পৰা ৰেহাই মূল্যত তেল ক্ৰয় কৰি আহিছে।
জানিব পৰা মতে, ভাৰত চৰকাৰৰ তেল কোম্পানীসমূহে বৰ্তমান ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে।ইয়াৰ কাৰণ হ’ল ৰাছিয়াই দিয়া ৰেহাই হ্ৰাস আৰু পঠিওৱাৰ সমস্যা। অৱশ্যে ভাৰত চৰকাৰে এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।
লগতে পঢ়ক: ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত JDS নেতা তথা প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্না …