ইমৰান খানক মোক্ষম আঘাত
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখিন হৈছে। বৃহস্পতিবাৰে ইয়াৰ এখন আদালতে আই এছ আই ভৱনত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে আৰু অন্যান্য সামৰিক প্ৰতিষ্ঠানৰ আক্ৰমণৰ সৈতে জড়িত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দলৰ একাংশ সাংসদকে ধৰি ১৬৬জন সদস্যক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।
খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ(PTI)ৰ নেতাসকলক শাস্তি প্ৰদান কৰাৰ খবৰ দেশজুৰি ৫ আগষ্টৰ পৰা প্ৰস্তাৱিত ‘মুক্ত ইমৰাণ খান আন্দোলন’ আৰম্ভ হোৱাৰ মাত্ৰ এসপ্তাহৰ পূৰ্বে এই কথা প্ৰকাশ পাইছে।
ফৈছালাবাদ সন্ত্ৰাসবাদ বিৰোধী আদালতৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে পাকিস্তান তেহৰিক-ই-ইনছাফে। খানৰ দলে নিজৰ সাংসদসকলক সংসদৰ পৰা অযোগ্য ঘোষণা কৰাৰ আৰু দলটোক শান্তিপূৰ্ণ প্ৰতিবাদ ৰোধ কৰাৰ ষড়যন্ত্ৰৰ অংশ বুলি অভিহিত কৰে।
ৰাষ্ট্ৰীয় বিধানসভাৰ বিৰোধী দলপতি ওমৰ আয়ুব, ছিনেটৰ বিৰোধী দলপতি শিবলি ফৰাজ, পিটিআইৰ বিশিষ্ট নেতা জাৰতাজ গুল আৰু চাহিবজাদা হামিদ ৰাজাক ১০ বছৰৰ বাবে শাস্তি প্ৰদান কৰে আদালতে।
আদালতে বৃহস্পতিবাৰে ফৈছালাবাদৰ আই এছ আই অট্টালিকাত আক্ৰমণৰ গোচৰত ১৮৫ জন অভিযুক্তৰ ভিতৰত ১০৮ জনক দোষী সাব্যস্ত কৰা হয় আৰু বাকী ৭৭ জনক দোষমুক্ত কৰা হয়।এই পৰ্যন্ত খানৰ দলৰ ১৪ গৰাকী সাংসদক দোষী সাব্যস্ত কৰি ৯ মে’ৰ কাণ্ডৰ সৈতে জড়িত গোচৰত পদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে।
লগতে পঢ়ক: “তেওঁলোকে গুলিয়াই থাকিল, আমি বিৰিয়ানী খুৱাই থাকিলো”; কংগ্ৰেছক তীক্ষ্ণ সমালোচনা জে পি নড্ডাৰ