‘উদয়পুৰ ফাইলছ’

‘উদয়পুৰ ফাইলছ’ৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

‘উদয়পুৰ ফাইলছ’ৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কানহাইয়া লাল হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত ‘উদয়পুৰ ফাইলছ’ ছবিখনৰ মুক্তি নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। আদালতে গোচৰটো দিল্লী উচ্চ ন্যায়ালয়ত অৰ্পণ কৰি সকলো পক্ষকে তাত যুক্তি দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।উচ্চতম ন্যায়ালয়ে কয় যে উদয়পুৰ ফাইলছ মুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ পক্ষৰ

‘উদয়পুৰ ফাইলছ’ৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ

কানহাইয়া লাল হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত ‘উদয়পুৰ ফাইলছ’ ছবিখনৰ মুক্তি নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।

আদালতে গোচৰটো দিল্লী উচ্চ ন্যায়ালয়ত অৰ্পণ কৰি সকলো পক্ষকে তাত যুক্তি দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।উচ্চতম ন্যায়ালয়ে কয় যে উদয়পুৰ ফাইলছ মুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ পক্ষৰ পৰা কোনো নিষেধাজ্ঞা নাই।

উচ্চতম ন্যায়ালয়ে কয়, ⁠এই আদালতে মেৰিটৰ ওপৰত কোনো মন্তব্য কৰা নাই। ছবিখন ৰাজস্থানৰ দৰ্জী কানহাইয়ালালৰ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত বুলি দাবী কৰি বিৰোধিতা কৰা হৈছে।

উচ্চতম ন্যায়ালয়ে এই গোচৰ দিল্লী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰি আবেদনকাৰীসকলক উচ্চ ন্যায়ালয়ত যুক্তি দাখিল কৰিবলৈ কয়।

ইফালে, উচ্চতম ন্যায়ালয়ৰ পৰা আবেদন প্ৰত্যাহাৰ কৰিছে ছবি প্ৰযোজকগৰাকীয়ে।আদালতে কয় যে কেন্দ্ৰীয় সমিতিৰ এই নিৰ্দেশে তেওঁৰ আবেদনখন অৰ্থহীন কৰি তুলিছে।

আদালতৰ এই সিদ্ধান্তত অতি সুখী চলচ্চিত্ৰ প্ৰযোজক অমিত জানি। লগতে মেকাৰসকলে ছবিখনৰ মুক্তিৰ নতুন তাৰিখ ঘোষণা কৰিছে।

ছবিখনৰ পৰিচালক ভাৰত শ্ৰীনেটে কয় যে অহা ৮ আগষ্টত ছবিখন ছবিগৃহত মুক্তি পাব। কিন্তু ইয়াৰ পূৰ্বে ২৮ জুলাইত উচ্চতম ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়ক বিষয়টো শুনানি গ্ৰহণ কৰিবলৈ কৈছিল।

ছবিখনৰ মুক্তিৰ সন্দৰ্ভত পৰিচালক ভাৰত শ্ৰীনেটে কয়, ‘আমি বিচাৰিছিলো যে ছবিখন ১১ জুলাইত ছবিগৃহত মুক্তি পাওক।

এতিয়া আমি কিছু সকাহ পাইছো যে আমি ৮ আগষ্টত মুক্তি কৰিব পাৰিম।সত্যই সদায় জয়ী হয়, আৰু সত্যই সদায় প্ৰাধান্য পায়।

ইফালে কানহাইয়া লালৰ পুত্ৰ যশ সাহুৱে কয় যে উচ্চতম ন্যায়ালয়ে ছবিখন মুক্তিৰ অনুমতি দিছে, গতিকে উচ্চ ন্যায়ালয়ে কিবা কৰিব বুলি মই নাভাবো।

লগতে পঢ়ক: ডাবল মিনিং কৌতুক কৰা কমেডিয়ানসকলক তীক্ষ্ণ সমালোচনা জনী লিভাৰৰ…

শেহতীয়া প্ৰৱন্ধসমূহ