প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।ব্ৰিটেইনৰ ৬খন প্ৰধান বিশ্ববিদ্যালয়ে এতিয়া ভাৰতত কেম্পাছ খুলিবলৈ ওলাইছে।
ইয়াৰ উদ্দেশ্য ভাৰত-ব্ৰিটেইনৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰা আৰু নতুন শিক্ষা নীতি (NEP 2020)ক প্ৰসাৰ কৰা।
ব্ৰিটেইন আৰু ভাৰতৰ মাজতো মুক্ত বাণিজ্য চুক্তিও (FTA) স্বাক্ষৰিত হৈছে, যাৰ বাবে প্ৰতি বছৰে ৩৪ বিলিয়ন ডলাৰলৈ ব্যৱসায় বৃদ্ধি পাব।
ভাৰতলৈ চাউথমপটন বিশ্ববিদ্যালয়-গুৰুগ্ৰামত কেম্পাছ আৰম্ভ হৈছে
লিভাৰপুল বিশ্ববিদ্যালয় –বেংগালুৰুত কেম্পাছৰ বাবে প্ৰস্তুতি
ইউনিভাৰ্চিটি অৱ ইয়ৰ্ক-মুম্বাইত কেম্পাছৰ বাবে প্ৰস্তুতি
এবাৰডিন বিশ্ববিদ্যালয় – মুম্বাইৰ বাবে আলোচনা অব্যাহত
ব্রিষ্টল ইউনিভার্চিটি – আলোচনা অব্যাহত
ভাৰত-ব্ৰিটেইনৰ উচ্চ শিক্ষাৰ অংশীদাৰিত্ব বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে,পাঁচখন প্ৰতিষ্ঠিত ব্ৰিটিছ বিশ্ববিদ্যালয় ভাৰতৰ চহৰসমূহত তেওঁলোকৰ কেম্পাছ স্থাপন কৰিবলৈ সাজু হৈছে, যাৰ ভিতৰত গুৰুগ্ৰামত ইতিমধ্যে চাউথমপটন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীৰ লণ্ডন ভ্ৰমণ আৰু ব্ৰিটেইনৰ বিশিষ্ট শৈক্ষিক আৰু কূটনৈতিক ব্যক্তিসকলৰ সৈতে হোৱা বৈঠকৰ সময়ত, তেওঁ ভাৰতৰ বিশ্বব্যাপী শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উচ্চাকাংক্ষাক পুনৰ দৃঢ় কৰে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, “শিক্ষাৰ ক্ষেত্ৰতো আমি একেলগে এটা নতুন অধ্যায় লিখিছো।ভাৰতত ছখন ব্ৰিটিছ বিশ্ববিদ্যালয়ে কেম্পাছবলৈ তৈয়াৰি কৰিছে।যোৱাটো সপ্তাহতে, ভাৰতৰ গুৰুগ্ৰাম চহৰত চাউথমপটন বিশ্ববিদ্যালয়ে প্ৰথমটো কেম্পাছটো উদ্বোধন কৰে।”
তেওঁ লগতে কয় যে, ভাৰতীয় উচ্চায়ুক্ত আৰু ইষ্টাৰ্ণ আইৰ তথ্য অনুসৰি, পাঁচখন প্ৰতিষ্ঠানৰ সৈতে লেটাৰ অৱ ইনটেণ্ট স্বাক্ষৰ কৰা হৈছে, সেই কেইখন হৈছে চাউথমপটন বিশ্ববিদ্যালয়, লিভাৰপুল বিশ্ববিদ্যালয়, ইয়ৰ্ক বিশ্ববিদ্যালয়, এবাৰডিন বিশ্ববিদ্যালয় আৰু ব্রিষ্টল বিশ্ববিদ্যালয়
লগতে পঢ়ক: ড° ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ ডাঙৰ সুযোগ; CUET PG পৰীক্ষাত হাজিৰ হ’ব নোৱাৰা সকলে পাব নামভৰ্তি