আই আই এমৰ পৰা এম বি এ কৰিব বিচাৰে নেকি ?
ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম) ভাৰতৰ অন্যতম সন্মানীয় ইনষ্টিটিউট, যিয়ে মূলতঃ এম বি এ, পি জি ডি এম আৰু পি এইচ ডিৰ দৰে বিভিন্ন মেনেজমেণ্ট প্ৰগ্ৰেম আগবঢ়ায় । যদি আপুনিও আই আই এমৰ পৰা এম বি এ কৰিব বিচাৰে, তেন্তে ইয়াত নামভৰ্তিৰ বাবে ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়াৰ বিষয়ে জানক ।
কঠিন নিৰ্বাচন প্ৰক্ৰিয়া-
আই আই এমৰ পৰা এম বি এ কৰিবলৈ এজন ছাত্ৰই কমন এণ্ট্ৰেন্স টেষ্ট (CAT)ত অৱতীৰ্ণ হ’ব লাগিব । যিটো দেশৰ অন্যতম কঠিন পৰীক্ষা বুলি গণ্য কৰা হয় আৰু প্ৰতি বছৰে আই আই এমৰ দ্বাৰা অনুষ্ঠিত হয়, য’ত হাজাৰ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । আই আই এমৰ পৰা এম বি এ কৰিবলৈ হ’লে এজন ছাত্ৰই CAT ত ভাল নম্বৰ পোৱাটো অতি প্ৰয়োজনীয় । যাৰ ভিত্তিত প্ৰাৰ্থীক আই আই এমৰ দ্বাৰা চৰ্টলিষ্ট কৰা হয় । একে সময়তে CAT ত ভাল নম্বৰ পোৱা প্ৰাৰ্থীসকলে Written Aptitude Test (WAT) আৰু তাৰ পিছত Personal Interview (PI)ৰ বাবে অৱতীৰ্ণ হ’ব লাগে ।
WAT আৰু PI-
WAT হৈছে এটা লিখিত পৰীক্ষা য’ত পৰীক্ষাৰ্থীৰ লিখাৰ ক্ষমতা আৰু সমস্যা সমাধানৰ দক্ষতাৰ মূল্যায়ন কৰা হয় । আনহাতে, পি আই হৈছে এনে এক সাক্ষাৎকাৰ য’ত প্ৰাৰ্থীৰ ব্যক্তিত্ব, জীৱন, অৰ্হতা আৰু অভিজ্ঞতাৰ মূল্যায়ন কৰা হয় । এই দুয়োটা পৰ্যায়তে সফলতা লাভ কৰাৰ পিছত চূড়ান্ত নিৰ্বাচনত পৰীক্ষাৰ্থীৰ শৈক্ষিক অভিলেখ, কৰ্ম অভিজ্ঞতা, লিংগ বৈচিত্ৰ্য আদিও বিবেচনা কৰা হয় । আনহাতে, সকলো পৰ্যায় দক্ষতাৰে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলেহে আই আই এমত এম বি এ প্ৰগ্ৰেমত নামভৰ্তি লাভ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : ISRO ত যোগদান কৰিব বিচাৰিছে নেকি ? জানি লওক কেনেদৰে কৰিব অধ্যয়ন