আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে…

আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে… মমতা বেনাৰ্জীৰ অভিযোগৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ

আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত বাকযুদ্ধ তীব্ৰতৰ হৈ পৰিছে । এই বিবাদ অসমত অনুপ্ৰৱেশ, ভাষিক পৰিচয় আৰু এন আৰ চিৰ দৰে বিষয়ক লৈ সৃষ্টি হৈছে । শনিবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি হিমন্ত বিশ্ব শৰ্মাই মমতা

আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত বাকযুদ্ধ তীব্ৰতৰ হৈ পৰিছে । এই বিবাদ অসমত অনুপ্ৰৱেশ, ভাষিক পৰিচয় আৰু এন আৰ চিৰ দৰে বিষয়ক লৈ সৃষ্টি হৈছে । শনিবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীক প্ৰত্যুত্তৰ দিয়ে । তেওঁ কয়, ‘আমি নিজৰ মানুহৰ লগত যুঁজ দিয়া নাই । আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে, যিয়ে অসমৰ জনসংখ্যাৰ ভাৰসাম্য বিঘ্নিত কৰি তুলিছে । বহু জিলাত হিন্দুসকল এতিয়া নিজৰ ঘৰতে সংখ্যালঘু হৈ পৰিছে ।’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘এয়া কোনো ৰাজনৈতিক বক্তব্য নহয়, ই এক বাস্তৱ । উচ্চতম ন্যায়ালয়েও ইয়াক বাহ্যিক আগ্ৰাসন বুলি গণ্য কৰিছে । কিন্তু যেতিয়া আমি আমাৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিবলৈ চেষ্টা কৰো তেতিয়া কিছুমান মানুহে ইয়াক ৰাজনীতি কৰি তোলে ।’  মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমত সকলো ভাষা আৰু জনগোষ্ঠী একেলগে বাস কৰে, কিন্তু সীমান্ত আৰু সাংস্কৃতিক মূল্যবোধ ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ ।

ইয়াৰ পূর্বে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়াত কয় যে, ‘ভাৰতত বাংলা ভাষা দ্বিতীয় সর্বাধিক কথিত ভাষা আৰু অসমতো ইয়াৰ বৃহৎ স্থান আছে ৷ কিন্তু অসমৰ বাংলাভাষীক লক্ষ্য কৰি লৈছে বিজেপিয়ে । এইটো সম্পূৰ্ণ অসাংবিধানিক আৰু বিভাজনকাৰী ।’ বিজেপি চৰকাৰে অসমৰ বাংলাভাষীসকলক ভয় খুৱাবলৈ চেষ্টা চলাইছে, তেওঁলোকৰ ভাষা আৰু পৰিচয় নাইকিয়া কৰি আছে বুলি অভিযোগ উত্থাপন কৰে মমতা বেনাৰ্জীয়ে । মুখ্যমন্ত্ৰী মমতাই কয় যে তেওঁ নিজৰ ভাষা, সংস্কৃতি আৰু গণতান্ত্ৰিক অধিকাৰৰ বাবে যুঁজ দিয়া প্ৰতিজন নাগৰিকৰ লগত আছে ।

তৃণমূল কংগ্ৰেছৰ ট্ৰেড ইউনিয়ন INTTUC য়ে শিলিগুৰিত এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে এই বিতৰ্ক তীব্ৰতৰ হৈ পৰে । তেওঁলোকে অভিযোগ কৰে যে বিজেপি শাসিত ৰাজ্যত বাংলাভাষী লোকক হাৰাশাস্তি কৰা হৈছে আৰু তেওঁলোকক প্ৰব্ৰজনকাৰী বুলি অভিহিত কৰি আঁতৰোৱা হৈছে । মমতা বেনাৰ্জীয়ে ইংগিত দিছে যে তেওঁ এই বিষয়ত বংগ বিধানসভাত বিতৰ্ক কৰিব পাৰে আৰু অসম চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব । একে সময়তে অসম চৰকাৰে নিজৰ “সাংবিধানিক অধিকাৰ”ৰ অধীনত অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক : ‘হিমন্ত বিশ্ব শৰ্মাক জে’ললৈ পঠাম’; ৰাহুল গান্ধীৰ ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ