ৰাহুল গান্ধীৰ ডাঙৰ মন্তব্য
বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এটা ডাঙৰ মন্তব্য কৰিছে। অসমলৈ আহি এখন গোপন ৰুদ্ধদ্বাৰ বৈঠকত ৰাহুলে তেওঁলোকৰ দলীয় কৰ্মীৰ আগত কৈছিল যে, ‘লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জেললৈ পঠাম’।
সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নিজৰ সামাজিক মাধ্যমত দিয়া পোষ্টত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে,‘লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জেললৈ পঠাম’— ঠিক এই বাক্যশাৰীয়েই বিৰোধী দলপতি শ্রীৰাহুল গান্ধীয়ে অসমত কংগ্রেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কৈছে’।
‘তেওঁ মাত্র এই কথাটোকে ক’ম বুলি অসমলৈ আহিছে যদিও দুর্ভাগ্যবশত: নেতাগৰাকীয়ে পাহৰিয়েই গ’ল যে গোটেই দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজে বর্তমান জামিনতহে মুকলি হৈ আছে’।
‘ তেওঁলৈ মোৰ শুভকামনা।দিনজোৰাকৈ অসমৰ আতিথ্য উপভোগ কৰক৷অসমত উপস্থিত হৈয়ে তেওঁ কৰা এই মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে’।
লগতে পঢ়ক: ‘লেণ্ড জেহাদ নহয়, অসমক ধ্বংস কৰাৰ জেহাদ কৰিছে’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা