৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিল ভ্ৰমণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰাজিল ভ্ৰমণ সন্দৰ্ভত শনিবাৰে ভাৰতৰ ৰাষ্ট্ৰদূত দীনেশ ভাটিয়াই কয় যে এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ব্ৰাজিলৰ মাজত দ্বিপাক্ষিক সন্ত্ৰাসবাদ বিৰোধী চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে । ভাটিয়াই কয় যে দুয়োখন দেশ অতি ঘনিষ্ঠ । ১৯৪৮ চনত লেটিন আমেৰিকাত ব্ৰাজিলত ভাৰতে প্ৰথমটো দূতাবাস মুকলি কৰিছিল । তেতিয়াৰ পৰা আমাৰ সম্পৰ্ক অতি শক্তিশালী হৈ উঠিছে ।
ব্ৰাজিললৈ প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থ ভ্ৰমণ-
তেওঁ কয় যে ২০০৬ চনত আমি এই সম্পৰ্কসমূহক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিলোঁ আৰু তেতিয়াৰ পৰাই ই অহৰহ শক্তিশালী হৈ আহিছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া চতুৰ্থটো ব্ৰাজিল ভ্ৰমণ । ইয়াৰ পূৰ্বে তেওঁ তিনিবাৰ দেশখনলৈ গৈছে । কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজকীয় ভ্ৰমণলৈ আহিছে ।
দুদিন ৰিঅ’ ডি জেনেইৰ’ত থাকিব প্ৰধানমন্ত্ৰী মোদী-
তেওঁ অৱগত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত হ’ব আৰু তাত দুদিন থাকিব । ইয়াৰ পিছত তেওঁ ৰাজকীয় ভ্ৰমণৰ বাবে ব্ৰাজিলিয়ালৈ যাব । এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ কাৰণ ৫৭ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ৰাজকীয় ভ্ৰমণ ।
ব্ৰাজিলে আয়োজন কৰিছে ব্ৰিকছ সন্মিলন-
ব্ৰিকছ শীৰ্ষ সন্মিলন সন্দৰ্ভত তেওঁ কয় যে ব্ৰাজিলে এই বছৰ ব্ৰিকছ শীৰ্ষ সন্মিলন আয়োজন কৰিছে । এইবাৰ নতুন অংশীদাৰ দেশসমূহে ইয়াত অংশগ্ৰহণ কৰিব । বিশ্ব শাসন আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ সদায় ব্ৰিকছৰ মূল কাৰ্যসূচীত আছিল আৰু ভৱিষ্যতেও এই প্ৰক্ৰিয়া অব্যাহত থাকিব । ইয়াৰ উপৰিও ব্ৰাজিলে আন বহু বিষয়ো আলোচনাত অন্তৰ্ভুক্ত কৰিছে, যিবোৰে যৌথ ঘোষণাত স্থান পাব ।
লগতে পঢ়ক : আৰ্জেণ্টিনাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী; বিমানবন্দৰত উষ্ম আদৰণি