সোনাক্ষী সিনহা

মাতৃ হ’বলৈ ওলাইছে নেকি সোনাক্ষী সিনহা? শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট

মাতৃ হ’বলৈ ওলাইছে নেকি সোনাক্ষী সিনহা শেহতীয়াকৈ সোনাক্ষী সিনহাই তেওঁৰ ব্যক্তিগত জীৱনৰ এক মজাৰ কথা শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ গৰ্ভাৱস্থাৰ কথা স্পষ্ট কৰিছে।বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিনহাই ২০২৪ চনত বিবাহপাশত আবদ্ধ হয়। অভিনেতা জহীৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল।শেহতীয়াকৈ সোনাক্ষী লাইমলাইটলৈ

মাতৃ হ’বলৈ ওলাইছে নেকি সোনাক্ষী সিনহা

শেহতীয়াকৈ সোনাক্ষী সিনহাই তেওঁৰ ব্যক্তিগত জীৱনৰ এক মজাৰ কথা শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ গৰ্ভাৱস্থাৰ কথা স্পষ্ট কৰিছে।বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিনহাই ২০২৪ চনত বিবাহপাশত আবদ্ধ হয়।

অভিনেতা জহীৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল।শেহতীয়াকৈ সোনাক্ষী লাইমলাইটলৈ আহিছে।

অভিনেত্ৰী গৰাকী গৰ্ভৱতী বুলি প্ৰচাৰ হৈছিল।এতিয়া অভিনেত্ৰীগৰাকীয়ে স্বামী জহীৰ ইকবালৰ সৈতে এটা পোষ্ট শ্বেয়াৰ কৰিছে।

সোনাক্ষীয়ে জহীৰ ইকবালৰ সৈতে হোৱা কথা-বতৰাৰ স্ক্ৰীণশ্বট ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । য’ত স্বামী জহীৰ ইকবালে সোনাক্ষীক সময়মতে খাদ্য খোৱাক লৈ চিন্তা কৰা দেখিবলৈ পোৱা গৈছে।

পোষ্টটোত জহীৰে সোনাক্ষীৰ বাবে চিন্তা কৰা দেখিবলৈ পোৱা গৈছে। যাৰ বাবে বহু লোকে সোণাক্ষী মাতৃ হ’বলৈ ওলাইছে বুলি ধাৰণা কৰিছে।

কিন্তু এতিয়া সোনাক্ষীয়ে এই কথাৰ উত্তৰ দি কৈছে যে এতিয়ালৈকে তেনেকুৱা একো নাই।তেওঁ বৰ্তমান নিজৰ কামক লৈ ব্যস্ত হৈ আছে।প্ৰচাৰ হৈ থকা সকলো খবৰ উৰাবাতৰি বুলি কৈছে অভিনেত্ৰী গৰাকীয়ে।

লগতে পঢ়ক:“ৱেব ছিৰিজত অন্তৰংগ দৃশ্য আৰু গালি-গালাজৰ কোনো অৰ্থ নাই”; পৰেশ ৰাৱালৰ ডাঙৰ মন্তব্য 

শেহতীয়া প্ৰৱন্ধসমূহ