উৰ্ফী জাভেদে শ্বেয়াৰ কৰিলে গালিৰে ভৰা মেছেজ
শেহতীয়াকৈ উৰ্ফী জাভেদৰ ‘দ্য ট্ৰেইটাৰ্ছ’, শ্ব’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে।কাৰণ এই ৰিয়েলিটি শ্ব’টোতো জয়ী হৈছিল তেওঁ। কিন্তু তেওঁ লাভ কৰা এই বিজয় একাংশ লোকে সহ্য কৰিব নোৱাৰিলে।
তেওঁলোকে নিজৰ পছন্দৰ প্ৰতিযোগীসকলক জয়ী হোৱাটো বিচাৰিছিল। এনে পৰিস্থিতিত বহুলোকে ছ’চিয়েল মিডিয়াত উৰ্ফীক গালি-গালাজ আৰু ভাবুকি দিছিল।
উৰ্ফী জাভাদে এইবোৰ কথা সকলোৰে সন্মুখত ৰাজহুৱা কৰিলে। ইয়াৰ লগতে তেওঁ ব্যৱহাৰকাৰীসকলৰ এই বেয়া আচৰণৰ ওপৰতো নিজৰ মতামত প্ৰকাশ কৰিছে।
উৰ্ফী জাভেদে তেওঁৰ ইনষ্টাগ্ৰাম পেজত কিছুমান স্ক্ৰীণশ্বট পোষ্ট কৰিছিল য’ত তেওঁক নিৰ্যাতন আৰু ভাবুকি দিয়া হৈছিল। উৰ্ফী জাভেদে এই পোষ্টটোৰ লগতে এটা কেপচনো লিখিছে।

উৰ্ফী জাভেদে লিখিছে যে, ‘যেতিয়া আপুনি এজনী ছোৱালীক ভাল নাপায় তেতিয়া তেওঁক গালি-গালাজ কৰে।এইটো প্ৰথমবাৰলৈ নহয়, যেতিয়া মোক এনে ভাবুকি প্ৰদান কৰিছে বা গালি-গালাজ কৰিছে’।
‘এইবাৰ মোৰ কাপোৰৰ বাবে নহয়, বৰঞ্চ মই এটা শ্ব’ত জয়ী হোৱাৰ বাবেহে এনেকুৱা হৈছিল। কল্পনা কৰকচোন, আপুনি ইমান সৰু মানুহ যে যেতিয়া আপোনাৰ প্ৰিয় প্ৰতিযোগীয়ে জয়ী নহয় তেতিয়া আপুনি আনজনক গালি-গালাজ আৰু ভাবুকি দিবলৈ আৰম্ভ কৰে’।
‘ যিয়েই নহওক, মই যিয়েই নকৰোঁ, মানুহৰ পৰা ঘৃণাহে পাম। কিছুমান মানুহে কেৱল গালি-গালাজ কৰি ভাল পায়।শ্ব’টোত যদি হৰ্ষক যদি মই বাহিৰ কৰি নিদিলোহেঁতেন তেন্তে মোক প্ৰেমত অন্ধ বুলি কোৱা হ’লহেঁতেন’.
‘হৰ্ষক উলিয়াই দিয়াত মই প্ৰতাৰক হৈ গ’লো।পূৰবক জয়ী হ’বলৈ দিলে মই বুৰ্বক, আৰু যদি নিদিলোহেতেন তেন্তে বিশ্বাসঘাতক। ঘৃণাৰ বাবে মই অতীতটো থমকি ৰোৱা নাই আৰু ভৱিষ্যতেও কেতিয়াও ৰৈ নাযাও’।
লগতে পঢ়ক: অপেক্ষাৰ অন্ত; মুক্তি পালে ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ টিজাৰ