মহাকাশত থকা শুভাংশু শুক্লাক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হোমৱৰ্ক

মহাকাশত থকা শুভাংশু শুক্লাক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হোমৱৰ্ক…

শুভাংশু শুক্লাক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হোমৱৰ্ক… আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত থকা ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে ভিডিঅ’ কল যোগে বাৰ্তালাপ কৰে । দুয়োজনে কেইবাটাও বিষয়ত আলোচনা কৰে । এই সময়ছোৱাত শুভাংশ শুক্লাক প্ৰধানমন্ত্ৰী মোদীয়ে দিয়ে হোমৱৰ্ক । প্ৰধানমন্ত্ৰী মোদীয়ে কয়

শুভাংশু শুক্লাক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হোমৱৰ্ক…

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত থকা ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে ভিডিঅ’ কল যোগে বাৰ্তালাপ কৰে । দুয়োজনে কেইবাটাও বিষয়ত আলোচনা কৰে । এই সময়ছোৱাত শুভাংশ শুক্লাক প্ৰধানমন্ত্ৰী মোদীয়ে দিয়ে হোমৱৰ্ক ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মোৰ অভ্যাস যে যেতিয়াই কাৰোবাক লগ পাওঁ তেতিয়াই তেওঁক হোমৱৰ্ক দিওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশু শুক্লাক কয় যে আপোনাৰ হোমৱৰ্ক হৈছে যে আপুনি যি অভিজ্ঞতা লাভ কৰি আছে তাৰ যোগেদি আমি গগণযানক আগুৱাই নিব লাগিব, চন্দ্ৰত অৱতৰণ কৰিব লাগিব ।

শুভাংশু শুক্লাই কয় যে মই ইয়াত যি অভিজ্ঞতা লাভ কৰিছো সেয়া অতি মূল্যৱান । মই যেতিয়া ঘূৰি আহিম তেতিয়া নিশ্চয় গগণযানকে ধৰি আন মিছনবোৰ আগুৱাই নিয়াৰ কাম কৰিম । শুভাংশুৱে কয় যে মহাকাশ কেন্দ্ৰত উপস্থিত মহাকাশচাৰীসকলো গগণযানক লৈ উৎফুল্লিত । আমি কেতিয়া গগণযানত যাব পাৰিম বুলি সুধিলত মোৰ ভাল লাগিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ শিশুৱে কেৱল আকাশলৈ নাচায়, তেওঁলোকে ভাবে যে ময়ো তাত উপনীত হ’ব পাৰিম । এই অনুভৱেই আমাৰ ভৱিষ্যত মহাকাশ অভিযানৰ ভেটি । শুভাংশুৱে কয় যে আজিৰ ভাৰত যি দিশত আগবাঢ়িছে, ই অতি সাহসী আৰু ডাঙৰ সপোন দেখিছে । সফলতাৰ এটাই পথ নাই যদিও সকলোৰে মাজত সাধাৰণ কথাটো হ’ল আশা হেৰুৱাব নালাগে । চেষ্টা কৰি থাকিব লাগিব । সফলতা নিশ্চিতভাৱে লাভ কৰিব পৰা যাব ।

প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশুক কয় যে আমি সকলোৱে আপুনি উভতি অহাৰ বাবে অপেক্ষা কৰি আছো । নিজৰ যত্ন লওক, ভাৰত মাতৃৰ সন্মান বৃদ্ধি কৰি যাওক । ১৪০ কোটি ভাৰতীয়ৰ শুভেচ্ছা আপোনালোকৰ লগত । ভাৰত মাতা কি জয়ৰ সৈতে কথা-বতৰাৰ সামৰণি মাৰে প্ৰধানমন্ত্ৰী মোদীয়ে । শুভাংশুৱেও উত্তৰত ভাৰত মাতা কি জয় বুলি কয় ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ শুভাংশু শুক্লাৰ…

শেহতীয়া প্ৰৱন্ধসমূহ