জৰুৰীকালীন অৱস্থাৰ প্ৰসংগত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

‘কোনো ভাৰতীয়ই কেতিয়াও পাহৰিব নোৱাৰে’; জৰুৰীকালীন অৱস্থাৰ প্ৰসংগত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

জৰুৰীকালীন অৱস্থাৰ প্ৰসংগত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ১৯৭৫ চনৰ ২৫ জুনত দেশত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক আক্ৰমণ কৰে । জৰুৰীকালীন দিনবোৰ সোঁৱৰাই তেওঁ কয় যে ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ অন্যতম ক’লা অধ্যায় জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ আজি পঞ্চাশ

জৰুৰীকালীন অৱস্থাৰ প্ৰসংগত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

১৯৭৫ চনৰ ২৫ জুনত দেশত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক আক্ৰমণ কৰে । জৰুৰীকালীন দিনবোৰ সোঁৱৰাই তেওঁ কয় যে ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ অন্যতম ক’লা অধ্যায় জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ আজি পঞ্চাশ বছৰ পাৰ হৈ গ’ল । এই সময়ত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰক পণবন্দী কৰি ৰাখিছিল ।

সংসদৰ মাত দমন কৰা হ’ল-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ সংবিধানৰ আত্মাক কেনেকৈ উলংঘা কৰা হ’ল সেয়া কোনো ভাৰতীয়ই কেতিয়াও পাহৰিব নোৱাৰে । সংসদৰ কণ্ঠ দমন কৰি আদালত নিয়ন্ত্ৰণৰ চেষ্টা কৰা হ’ল । ৪২ সংখ্যক সংশোধনী তেওঁলোকৰ এই কাৰ্য্যৰ এক উদাহৰণ । দুখীয়া, প্ৰান্তীয় আৰু দলিতক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছিল, য’ত তেওঁলোকৰ মৰ্যাদাক অপমান কৰা আছিল ।

জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়া সকলক চেলুট-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজত দৃঢ়তাৰে থিয় দিয়া সকলোকে আমি প্ৰণাম জনাইছো । এইসকল লোক সমগ্ৰ ভাৰতৰ পৰা, প্ৰতিটো অঞ্চলৰ পৰা, বিভিন্ন মতাদৰ্শৰ পৰা আহিছিল যিয়ে ইজনে সিজনৰ লগত একেলগে এটা উদ্দেশ্যত কাম কৰিছিল । তেওঁলোকৰ লক্ষ্য আছিল ভাৰতৰ গণতান্ত্ৰিক গাঁথনি ৰক্ষা কৰা আৰু যি আদৰ্শৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে নিজৰ জীৱন উৎসৰ্গা কৰিছিল সেই আদৰ্শক ৰক্ষা কৰা । তেওঁলোকৰ সামূহিক সংগ্ৰামেই নিশ্চিত কৰিছিল যে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব । য’ত তেওঁলোক দুৰ্ভাগ্যজনকভাৱে হাৰিছিল ।

আমি দুখীয়া আৰু বঞ্চিতসকলৰ সপোন পূৰণ কৰিম-

প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে যে আমি আমাৰ সংবিধানত সন্নিৱিষ্ট নীতিসমূহ শক্তিশালী কৰাৰ লগতে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে একেলগে কাম কৰি আছো । আমি প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰি দুখীয়া আৰু বঞ্চিতসকলৰ সপোন পূৰণ কৰিম ।

মানুহে নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব লাগে-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দ্য ইমাৰ্জেন্সি ডায়েৰীছ হৈছে জৰুৰীকালীন সময়ত মোৰ যাত্ৰাৰ বিৱৰণী । সেই সময়ৰ বহু স্মৃতি মনত পেলাই দিলে । যিসকলে জৰুৰীকালীন অৱস্থাৰ সেই ক’লা দিনবোৰ মনত পেলাইছে বা যিসকলৰ পৰিয়ালে সেই সময়ত ক্ষতিগ্ৰস্ত হৈছিল, তেওঁলোকৰ অভিজ্ঞতাসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছো । ইয়াৰ ফলত ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈকে লজ্জাজনক সময়খিনিৰ বিষয়ে যুৱক-যুৱতীসকলৰ মাজত সজাগতা সৃষ্টি হ’ব ।

লগতে পঢ়ক : দেশৰ জনসাধাৰণে কেতিয়াও একনায়কত্ববাদ মানি ল’ব নোৱাৰে… ‘জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ’ সন্দৰ্ভত অমিত শ্বাহ

শেহতীয়া প্ৰৱন্ধসমূহ