ইজৰাইলৰ ওপৰত ক্ষুণ্ণ হৈ পৰিল ড’নাল্ড ট্ৰাম্প
মধ্যপ্ৰাচ্যত চলি থকা ইৰাণ-ইজৰাইল সংঘাতৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ মন্তব্য কৰিছে । ট্ৰাম্পে কয় যে ইৰাণ আৰু ইজৰাইল দুয়োখন দেশেই যুদ্ধবিৰতি উলংঘা কৰিছে । বিশেষকৈ তেওঁ ইজৰাইলক সমালোচনা কৰি কয় যে যুদ্ধবিৰতিৰ পিছত ইমান সোনকালে ইমান ডাঙৰ আক্ৰমণ চলাব নালাগিছিল ।
ট্ৰাম্পে কঠোৰভাৱে কয়, “ইজৰাইল, বোমা বৰ্ষণ নকৰিব । যদি আপুনি আক্ৰমণ কৰে তেন্তে ই এক ডাঙৰ উলংঘা । আপোনাৰ পাইলটসকলক লগে লগে ঘৰলৈ উভতি যাবলৈ ফোন কৰক ।” ট্ৰাম্পে কয় যে যুদ্ধবিৰতিত সন্মতি দিয়াৰ লগে লগে ইজৰাইলে আক্ৰমণ কৰাটো মোৰ ভাল লগা নাই ।
ট্ৰাম্পৰ এই মন্তব্য এনে এটা সময়ত প্ৰকাশ পাইছে যেতিয়া ইজৰাইলে পূৰ্বে ইৰাণক যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল যদিও ইৰাণে এই অভিযোগ নাকচ কৰিছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ইৰাণে কেতিয়াও নিজৰ পাৰমাণৱিক কাৰ্যসূচী পুনৰ আৰম্ভ নকৰে । তেওঁ কয় যে তেওঁ ইৰাণৰ ওপৰত সুখী নহয় আৰু ইজৰাইলৰ ওপৰত তেওঁ অতি অসন্তুষ্ট ।
ইৰাণে কয় যে বিয়ৰশ্বোভা চহৰত আক্ৰমণৰ সময়ত শেষ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল আৰু যুদ্ধবিৰতি ঘোষণাৰ পূৰ্বে এইটো এটা ঘটনা আছিল । ইৰাণৰ পক্ষই ইয়াক আত্মৰক্ষাৰ পদক্ষেপ বুলি অভিহিত কৰি যুদ্ধবিৰতিৰ চৰ্ত উলংঘা কৰা বুলি অস্বীকাৰ কৰে । এই সমগ্ৰ ঘটনাত কাটাৰেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
প্ৰতিবেদন অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কাটাৰৰ আমিৰৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি আমেৰিকা সমৰ্থিত যুদ্ধবিৰতিৰ প্ৰস্তাৱ মানি ল’বলৈ ইৰাণক বুজাবলৈ অনুৰোধ জনায় । এই আহ্বানৰ পিছত কাটাৰৰ প্ৰধানমন্ত্ৰীয়ে উদ্যোগ লৈ ইৰাণক এই প্ৰস্তাৱত সন্মতি দিবলৈ বুজাই ।
বিগত কেইদিনমানৰ পৰা ইৰাণ আৰু ইজৰাইলৰ মাজত তীব্ৰ আক্ৰমণ চলি থকাৰ সময়তে এই যুদ্ধবিৰতিৰ ব্যৱস্থা কৰা হৈছে, য’ত দুয়োপক্ষই সামৰিক আৰু কৌশলগত ঘাটিক লক্ষ্য কৰি লৈছিল । শেহতীয়াকৈ আমেৰিকাৰ আক্ৰমণৰ পিছত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছিল । এতিয়া যেতিয়া যুদ্ধবিৰতি কাৰ্যকৰী হ’ল, তেতিয়া ইয়াক লৈ বিতৰ্কও সমানেই তীব্ৰতৰ হৈ পৰিছে । ট্ৰাম্পৰ এই বক্তব্যই ইজৰাইলৰ সামৰিক কাৰ্যকলাপ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন বিতৰ্কৰ সূচনা কৰিছে ।
লগতে পঢ়ক : যুদ্ধবিৰতি ভংগৰ প্ৰত্যুত্তৰ জৰুৰী… ট্ৰাম্পৰ ভাবুকিৰ উত্তৰ নেতানিয়াহুৰ