যুদ্ধবিৰতি ভংগৰ প্ৰত্যুত্তৰ জৰুৰী
ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে পুনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । ইজৰাইলে মঙলবাৰে তেহৰাণৰ সমীপৰ ইৰাণৰ ৰাডাৰ ছাইটত আক্ৰমণ চলায় । প্ৰকাশিত এক প্ৰতিবেদন মতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক স্পষ্ট কৰি দিছিল যে এই আক্ৰমণৰ পৰা হাত সাৰি থকাটো সম্ভৱ নহয় আৰু ইৰাণৰ এই কাৰ্যৰ প্ৰত্যুত্তৰ দি কিবা এটা কৰাটো প্ৰয়োজনীয় ।
ইজৰাইলে ইয়াক ‘সীমিত প্ৰতিশোধ’ বুলি অভিহিত কৰিছে । ইজৰাইলে দাবী কৰিছে যে ইৰাণে যুদ্ধবিৰতি ভংগ কৰি দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ সংঘটিত হৈছে । ইফালে ইৰাণৰ সংবাদ মাধ্যম মিজান আৰু শ্বাৰঘে উত্তৰ ইৰাণৰ বাবলছাৰ চহৰত ইজৰাইলে আক্ৰমণ চলোৱাৰ বাতৰি প্ৰকাশ কৰিছে । ইজৰাইলৰ আৰ্মী ৰেডিঅ’ই নিশ্চিত কৰিছে যে তেহৰাণৰ সমীপৰ এটা ৰাডাৰ ছাইটক লক্ষ্য কৰি লোৱা হৈছে ।
ট্ৰাম্পে নিজৰ প্ৰকাশ কৰে অসন্তুষ্টি-
হোৱাইট হাউছৰ লনত সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে সমগ্ৰ ঘটনাটোক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । ইৰাণ-ইজৰাইল যুদ্ধৰ ওপৰত মন্তব্য দিওঁতে তেওঁ কয় যে, ‘তেওঁলোকে ইমান দিনে যুঁজি আছে যে তেওঁলোকে নিজেই নাজানে যে তেওঁলোকে কি কৰিছে ।’
ট্ৰাম্পে কয় যে যুদ্ধবিৰতিৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা দুয়োপক্ষৰ ওপৰত, বিশেষকৈ ইজৰাইলৰ ওপৰত তেওঁ ক্ষুব্ধ । ট্ৰাম্পে জোৰ দি কয়, ‘মই স্পষ্টকৈ কৈছিলো- বোমা নিক্ষেপ নকৰিব, আপোনাৰ পাইলটসকলক ঘূৰাই আনক । কিন্তু ইয়াৰ পিছতো আক্ৰমণ সংঘটিত হয় ।‘
ইৰাণে সকীয়াই দিছে যে ইয়াৰ প্ৰত্যুত্তৰ দ্ৰুত আৰু ‘দুগুণ ধ্বংসাত্মক’ হ’ব । ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে স্পষ্ট কৰি দিছে যে ‘এয়া সতৰ্কবাণী নহয়, বৰঞ্চ আৰম্ভণিহে’ ।
লগতে পঢ়ক : আমেৰিকাই কৰিলে যুদ্ধবিৰতি ঘোষণা; ইৰাণে কৰিলে অস্বীকাৰ