সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয়

সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয়… পাকিস্তানৰ আশাত চেঁচা পানী ঢালি ক’লে অমিত শ্বাহে

সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয় পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানৰ সৈতে হোৱা সিন্ধু জলসন্ধি স্থগিত ৰাখে । ৰয়টাৰৰ মতে, এই চুক্তি পুনৰ বাহাল কৰিবলৈ ভাৰতৰ কোনো ইচ্ছা নাই । গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে স্পষ্ট কৰি দিয়ে যে ইছলামবাদৰ সৈতে

সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয়

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানৰ সৈতে হোৱা সিন্ধু জলসন্ধি স্থগিত ৰাখে । ৰয়টাৰৰ মতে, এই চুক্তি পুনৰ বাহাল কৰিবলৈ ভাৰতৰ কোনো ইচ্ছা নাই । গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে স্পষ্ট কৰি দিয়ে যে ইছলামবাদৰ সৈতে কেতিয়াও সিন্ধু জলসন্ধি বাহাল ৰখা নহ’ব । টাইমছ এক সাক্ষাৎকাৰত এই মন্তব্য কৰে অমিত শ্বাহে । তেওঁ কয় যে পাকিস্তানলৈ বৈ যোৱা পানী আভ্যন্তৰীণ ব্যৱহাৰৰ বাবে ডাইভাৰ্ট কৰা হ’ব ।

পাকিস্তানৰ আশাত চেঁচা পানী-

অমিত শ্বাহে কয় যে ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ১৯৬০ চনৰ সিন্ধু নদী ব্যৱস্থাৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা সন্ধি “স্থগিত” কৰিছিল । এই সন্ধিৰ জৰিয়তে ভাৰতৰ মাজেৰে বৈ যোৱা তিনিখন নদীৰ পানী পাকিস্তানৰ ৮০% কৃষিভূমিৰ বাবে সুবিধাৰ নিশ্চয়তা দিয়া হৈছিল ।

বাহাল নহয় সিন্ধু জল সন্ধি-

উল্লেখ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানে নিজৰ কোনো ভূমিকা অস্বীকাৰ কৰিছে । কিন্তু দুয়োখন দেশৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ পাছত যুদ্ধবিৰতিৰ চুক্তি হোৱাৰ পাছতো এই সন্ধি নিষ্ক্ৰিয় হৈ আছে । অমিত শ্বাহে স্পষ্ট কৰি দিছিল যে এই চুক্তি কেতিয়াও বাহাল নহয় । তেওঁ কয় যে পাকিস্তান অভিমুখে বৈ যোৱা পানীখিনি আমি খাল নিৰ্মাণ কৰি ৰাজস্থানলৈ লৈ যাম । পাকিস্তানে অনুচিতভাৱে পোৱা পানী নাপাব । অমিত শ্বাহৰ এই নতুন মন্তব্যই অদূৰ ভৱিষ্যতে সন্ধি সন্দৰ্ভত আলোচনাৰ বাবে পাকিস্তানৰ আশাক স্তব্ধ কৰি তুলিছে ।

লগতে পঢ়ক : ‘পাঞ্জা আৰু লালটেনে বিহাৰৰ আত্মসন্মানক আঘাত কৰিছে’; প্ৰধানমন্ত্ৰী মোদী

শেহতীয়া প্ৰৱন্ধসমূহ