মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান চাইপ্ৰাছ ভ্ৰমণত আছে, য’ত তেওঁ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু আঞ্চলিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । মধ্যপ্ৰাচ্যৰ সংঘাতক লৈয়ো উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মানৱতাক শান্তি আৰু স্থিতিশীলতাৰ প্ৰয়োজন । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে আমি এক সুনিৰ্দিষ্ট ৰোডমেপ প্ৰস্তুত কৰিম যিয়ে ভাৰত আৰু চাইপ্ৰাছৰ মাজত সহযোগিতা আৰু অধিক বৃদ্ধি কৰিব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে যৌথভাৱে সংবাদমেল সম্বোধন কৰে । সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজত চাইপ্ৰাছৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজকীয় আদৰণি আৰু আতিথ্যৰ বাবে মই ৰাষ্ট্ৰপতিগৰাকীক আন্তৰিকতাৰে ধন্যবাদ জনাইছো । চাইপ্ৰাছৰ মাটিত ভৰি দিয়াৰ পৰাই ৰাষ্ট্ৰপতি আৰু ইয়াৰ জনসাধাৰণে দেখুওৱা মৰম আৰু প্ৰেমে মোৰ হৃদয় চুই গৈছে । মাত্ৰ কিছু সময়ৰ পূৰ্বে মোক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছিল । এই সন্মান কেৱল মোৰ নহয়, ই ১৪০ কোটি ভাৰতীয়ৰ সন্মান । এয়া ভাৰত আৰু চাইপ্ৰাছৰ অভেদ্য বন্ধুত্বৰ মোহৰ । ইয়াৰ বাবে মই আকৌ এবাৰ মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো ।
তেওঁ কয় যে আমি চাইপ্ৰাছৰ সৈতে আমাৰ সম্পৰ্কক অতি গুৰুত্ব দিওঁ । গণতন্ত্ৰ আৰু আইনৰ শাসনৰ দৰে মূল্যবোধৰ ওপৰত ভাগ-বতৰা কৰা বিশ্বাস আমাৰ অংশীদাৰিত্বৰ শক্তিশালী ভেটি । ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্ব পৰিস্থিতিৰ দ্বাৰা গঢ় লৈ উঠা নাই, সীমাৰেখাৰে বান্ধ খাই থকাও নহয় । ইয়াক বাৰে বাৰে পৰীক্ষা কৰা হৈছে আৰু সময়ৰ প্ৰতিটো পৰ্যায়তে আমি সহযোগিতা, সন্মান আৰু সমৰ্থনৰ অনুভূতিক জীয়াই ৰাখিছো । আমি ইখনে সিখনৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰো ।
মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ-
তেওঁ কয় যে ৰাষ্ট্ৰসংঘক সমসাময়িক কৰি তুলিবলৈ প্ৰয়োজনীয় সংস্কাৰৰ ক্ষেত্ৰত আমাৰো একেধৰণৰ মতামত আছে । নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদক সহায় কৰাৰ বাবে চাইপ্ৰাছৰ প্ৰতি আমি কৃতজ্ঞ ৷ মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ আমি দুয়ো উদ্বেগ প্ৰকাশ কৰিছো । মধ্যপ্ৰাচ্যৰ সংঘাতৰ নেতিবাচক প্ৰভাৱ কেৱল সেই অঞ্চলবোৰতে সীমাবদ্ধ নহয় । আমি বিশ্বাস কৰোঁ যে এয়া যুদ্ধৰ যুগ নহয়, আলোচনাৰ জৰিয়তে সমাধান আৰু স্থিৰতা পুনৰুদ্ধাৰ মানৱতাৰ আহ্বান । ভূমধ্যসাগৰীয় অঞ্চলৰ সৈতে সংযোগ বৃদ্ধিৰ কথাও আমি কথা পাতিলোঁ ৷ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰে অঞ্চলটোত শান্তি আৰু সমৃদ্ধিৰ বাট মুকলি কৰিব বুলি আমি একমত ।
‘এক নতুন অধ্যায় লিখাৰ সোণালী সুযোগ’
প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে দুটা দশকৰো অধিক ব্যৱধানৰ অন্তত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে চাইপ্ৰাছ ভ্ৰমণ কৰিছে । পাৰস্পৰিক সম্পৰ্কৰ এক নতুন অধ্যায় লিখাৰ এয়া এক সোণালী সুযোগ । আজি ৰাষ্ট্ৰপতি আৰু মোৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ ওপৰত এক বিস্তৃত আলোচনা হ’ল । চাইপ্ৰাছৰ ‘ভিজন ২০৩৫’ আৰু ‘উন্নত ভাৰত ২০৪৭’ৰ বহু দিশত সাদৃশ্য আছে, গতিকে আমি একেলগে ভৱিষ্যত গঢ় দিম । আমাৰ অংশীদাৰিত্বক কৌশলগত দিশ দিবলৈ আমি অহা পাঁচ বছৰৰ বাবে এক সুনিৰ্দিষ্ট ৰোডমেপ তৈয়াৰ কৰিম । প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা শক্তিশালী কৰিবলৈ দ্বিপাক্ষিক ‘ৰক্ষা সহযোগিতা কাৰ্যসূচী’ৰ অধীনত প্ৰতিৰক্ষা উদ্যোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । চাইবাৰ আৰু সামুদ্ৰিক সুৰক্ষা সন্দৰ্ভত এক সুকীয়া আলোচনা আৰম্ভ কৰা হ’ব ।
লগতে পঢ়ক : ইৰাণক কঠোৰ সকিয়নী ড’নাল্ড ট্ৰাম্পৰ; ক’লে- যদি আক্ৰমণ কৰে তেন্তে…