UPSC

ঘোষণা কৰা হ’ল UPSC প্ৰিলিমছৰ ফলাফল; এই লিংকত গৈ কৰিব পাৰিব ডাউনলোড

ঘোষণা কৰা হ’ল UPSC প্ৰিলিমছৰ ফলাফল UPSC Prelims 2025 ৰ ফলাফল কিছুসময় পূৰ্বে প্ৰকাশ কৰা হৈছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অফিচিয়েল ৱেবছাইট upsc.gov.in ত গৈ ফলাফল পৰীক্ষা কৰিব পাৰিব। আপোনালোকক জনাও যে, অসামৰিক সেৱাৰ পৰীক্ষা (C S E) ইউ পি এছ চি

ঘোষণা কৰা হ’ল UPSC প্ৰিলিমছৰ ফলাফল

UPSC Prelims 2025 ৰ ফলাফল কিছুসময় পূৰ্বে প্ৰকাশ কৰা হৈছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অফিচিয়েল ৱেবছাইট upsc.gov.in ত গৈ ফলাফল পৰীক্ষা কৰিব পাৰিব।

আপোনালোকক জনাও যে, অসামৰিক সেৱাৰ পৰীক্ষা (C S E) ইউ পি এছ চি আৰু ভাৰতীয় বন সেৱা( I F S)ৰ সংযুক্ত প্ৰাৰম্ভিক পৰীক্ষা ২০২৫ তাৰিখে ২৫ মে’ত অনুষ্ঠিত হৈছিল।

প্ৰায় ১০ লাখ পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাৰ ফলাফলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল, যিটো আজি শেষ হ’ল। ইউ পি এছ চি ৰ ফলাফল PDF ফৰ্মেটত প্ৰকাশ কৰা হৈছে, য’ত সফল প্ৰাৰ্থীৰ ৰোল নম্বৰ লিখা থাকে। অতি সোনকালে ফলাফলৰ লগতে শীৰ্ষস্থানীয় তালিকা অৰ্থাৎ অল ইণ্ডিয়া ৰেংক (AIR)ও প্ৰকাশ পাব।

ইউ পি এছ চি ৰ প্ৰিলিমছৰ ফলাফল কেনেকৈ পৰীক্ষা কৰিব?

১. ইউ পি এছ চি ৰ প্ৰিলিমছৰ ফলাফল ২০২৫ ৰ ফলাফল পৰীক্ষা কৰিবলৈ প্ৰথমে আপুনি অফিচিয়েল ৱেবছাইট upsc.gov.in চাব লাগিব।

২. হোম পেজত ফলাফলৰ সৈতে জড়িত লিংকটোত ক্লিক কৰিব লাগিব।

৩. এনে কৰিলে আপোনাৰ পৰ্দাত PDF ফাইলটো খোল খাব।ইয়াত প্ৰাৰ্থীসকলে নিজৰ ৰোল নম্বৰ পৰীক্ষা কৰিব পাৰে।

৪. আপুনি ইয়াক ডাউনলোড কৰি প্ৰিন্টআউটও ল’ব পাৰে।

লগতে পঢ়ক: গোপনে আঙুঠি পিন্ধিলে ‘বালিকা বধু’ খ্যাত অবিকা গ’ৰে; বাগদত্তাৰ সৈতে ভাইৰেল হ’ল ফটো

শেহতীয়া প্ৰৱন্ধসমূহ