ইংলেণ্ডলৈ ৰাওনা ভাৰতীয় দল
ইংলেণ্ড ভ্ৰমণত ভাৰতীয় দলটোৱে পাঁচখন টেষ্টৰ শৃংখলা খেলিব, যিখন ২০ জুনৰ পৰা আৰম্ভ হ’ব।এই শৃংখলাৰ পূৰ্বে অভিজ্ঞ বেটছমেন বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টেষ্ট শৃংখলাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।
ইয়াৰ পিছত শুভমান গীলক অধিনায়কৰ দায়িত্ব দিয়া হয়।ঋষভ পন্তক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।
ইংলেণ্ড ভ্ৰমণৰ বাবে আজি পুৱাই ভাৰতীয় ক্ৰিকেট দলটো ইংলেণ্ডলৈ ৰাওনা হৈছে । মুম্বাইৰ পৰা যোৱা ভাৰতীয় দলটোৱে নতুন কিট পিন্ধি আছিল।
ৰোহিত আৰু বিৰাটৰ অৱসৰৰ পিছত শুভমান গীলৰ অধিনায়কত্বত ভাৰতীয় দল টোৰ এইখনেই হ’ব প্ৰথম টেষ্ট শৃংখলা। ইংলেণ্ডত ১০ দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিব দলটোৱে, ইয়াৰ লগতে এখন ইন্ট্ৰা স্কোয়াড মেচো খেলিব।
ভাৰতীয় দল টোৰ খেলুৱৈ সকলৰ এটা ভিডিঅ’ ইতিমধ্যে পোহৰলৈ আহিছে য’ত তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক বাছৰ পৰা নামি অহা দেখিবলৈ পোৱা গৈছে।
ইয়াত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু ফিল্ডিং প্ৰশিক্ষক টি দিলীপকো লাগেজ কঢ়িয়াই অনা দেখা গৈছে।ইয়াৰ পিছত অধিনায়ক শুভমান গীল, প্ৰসিদ্ধ কৃষ্ণ, সাই সুদৰ্শন আৰু ৱাশ্বিংটন সুন্দৰক দেখিবলৈ পোৱা গৈছে। তাৰ পিছত মহম্মদ ছিৰাজ, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ আহি আছিলে।
ভাৰতীয় টেষ্ট দলত সুযোগ পালে সাই সুদৰ্শনে
ইংলেণ্ড ভ্ৰমণৰ বাবে এইবাৰ ভাৰতীয় দলত আছে যুৱ আৰু অভিজ্ঞ খেলুৱৈ।প্ৰথমবাৰৰ বাবে ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত হৈছে ছাই সুদৰ্শন।
আনহাতে ঘৰুৱা ক্ৰিকেটত বহু ৰান সংগ্ৰহ কৰা কৰুণ নাইৰে পুনৰ টেষ্ট দললৈ ঘূৰি আহিছে।আৰ্শদীপ সিং আৰু শাৰদুল ঠাকুৰেও দলত সুযোগ লাভ কৰিছে।
ভাৰত আৰু ইংলেণ্ডৰ মাজত এতিয়ালৈকে মুঠ ১৩৬খন টেষ্ট ক্ৰিকেট খেলিছে, ইয়াৰে টিম ইণ্ডিয়াই ৩৫খনত জয় লাভ কৰিছে।আনহাতে ইংলেণ্ডে ৫১খন মেচত জয়লাভ কৰিছে।ভাৰতীয় দল টোক লৈ আশাবাদী ভাৰতবাসী।