ছাল

ছালত লগাই নেকি আলু ? সমাধান কৰিব ছালৰ সকলো সমস্যা

ছালত লগাই নেকি আলু ? আলু অবিহনে হয়তো প্ৰতিটো পাকঘৰেই খালী আৰু প্ৰতিটো ব্যঞ্জনেই আধৰুৱা। আলু ভিটামিন, খনিজ পদাৰ্থ, আইৰণ, ফছফৰাছ আদিৰে সমৃদ্ধ।জুতি লগা খাদ্য ৰন্ধাৰ উপৰিও আলু ব্যৱহাৰ কৰি আমি ছাল, চুলিৰ চিকিৎসা কৰিব পাৰো। প্ৰায় সংখ্যক লোকেই নাজানে যে আলু আপোনাৰ মুখৰ গ্লো

ছালত লগাই নেকি আলু ?

আলু অবিহনে হয়তো প্ৰতিটো পাকঘৰেই খালী আৰু প্ৰতিটো ব্যঞ্জনেই আধৰুৱা। আলু ভিটামিন, খনিজ পদাৰ্থ, আইৰণ, ফছফৰাছ আদিৰে সমৃদ্ধ।জুতি লগা খাদ্য ৰন্ধাৰ উপৰিও আলু ব্যৱহাৰ কৰি আমি ছাল, চুলিৰ চিকিৎসা কৰিব পাৰো।

প্ৰায় সংখ্যক লোকেই নাজানে যে আলু আপোনাৰ মুখৰ গ্লো আৰু যত্নৰ বাবে অতি উপযোগী । ই আপোনাৰ পাকঘৰৰ এক অলৌকিক উপাদান যিয়ে আপোনাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে আৰু বহু সমস্যাৰ সমাধান প্ৰদান কৰে ।

আলুত থকা ভিটামিন চি-য়ে ছালত কোলাজেন কোষ বৃদ্ধি কৰাৰ লগতে মুখখন কোঁচ খোৱা তথা বয়স বৃদ্ধি প্ৰতিহত কৰে।

আন ফলৰ ৰসৰ সতে আলুৰ ৰস মিহলাই খাই আপুনি মুখৰ ৰং উন্নত কৰিব পাৰে। মুঠতে আলু ব্যৱহাৰ কৰি আপুনি মুখ সম্পৰ্কীয় সকলো সমস্যাই দূৰ কৰিব পাৰে।

উজ্বল মুখ সকলোৱে বিচাৰে কিন্তু কেতিয়াবা আমাৰ মুখত অবাঞ্চিত দাগ আৰু ক’লা দাগ দেখা যায় । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কটা আলুৰ টুকুৰাবোৰ মুখত ঘঁহিব । আলুৱে মুখখন পৰিষ্কাৰ কৰাত সহায় কৰে আৰু দাগ আঁতৰায় ।

উল্লেখ্য যে, আলুৰ ব্যৱহাৰে চকুৰ চাৰিওফালৰ ফুলা হ্ৰাস কৰাত সহায় কৰে। আলুৰ বাকলিবোৰে চুলিৰ ৰং ক’লা ৰাখে।

ইয়াৰ বাবে আপুনি আলুৰ বাকলিবোৰ পানীত উতলাই  ঠাণ্ডা কৰি ছেম্পু কৰাৰ পিছত সেই পানীৰে মূৰ ধুব।সেয়েহে, প্ৰায় সকলো সমস্যা সমাধানত আলুক অতি উপকাৰী বুলি বিবেচনা কৰা হয়।

যদি আপুনি আপোনাৰ ছালখন উজ্জ্বল আৰু গ্লোয়িং হোৱাটো বিচাৰে তেন্তে আলুৰ ৰস মুখত লগাই ১৫-২০ মিনিটৰ পিছত ধুই ল’ব । ই আপোনাৰ ছালখন কোমল আৰু উজ্জ্বল কৰি তুলিব ।

আলুৰ ৰসত বয়স বৃদ্ধি বিৰোধী গুণো আছে। ইয়াৰ উপৰিও আলুৰ ৰস ছালৰ হাইড্ৰেচনৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।

(এই লেখাটোত দিয়া পৰামৰ্শ সমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: ‘বেংগালুৰু  ঘটনাৰ বাবে দায়ীসকলক গ্ৰেপ্তাৰ কৰা হ’ব’; মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ বিস্ফোৰক মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ