পুনৰ টেলিভিচনলৈ স্মৃতি ইৰাণী
টিভিৰ আইকনিক শ্ব’ ‘কিউকি সাস ভি কভি বহু থি’ ১৭ বছৰৰ মূৰত ঘূৰি আহিছে।এই খবৰটো পোহৰলৈ অহাৰ পৰাই টিভি প্ৰেমীৰ মাজত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে।
এই ধাৰাবাহিকখনৰ দ্বিতীয়টো ছিজন আৰম্ভ হ’ব বুলি জানিব পাৰি অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কাৰণ স্মৃতি ইৰাণীয়ে সুদীৰ্ঘ ১৭ বছৰৰ পিছত অভিনয়ৰ ক্ষেত্ৰখনলৈ পুনৰ উভতি আহিছে।
ধাৰাবাহিকখনত স্মৃতিয়ে তুলসীৰ আইকনিক চৰিত্ৰটোতে অভিনয় কৰিব।মিহিৰৰ চৰিত্ৰত দেখা যাব অমৰ উপাধ্যায়ক।তথ্য অনুসৰি ধাৰাবাহিক খনৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈছে।’কিউকি সাস ভি কভি বহু থি ২’ সন্দৰ্ভত আৰু বহু আপডেট ওলাইছে।
টিভিলৈ উভতিব স্মৃতি
‘কিউংকি সাছ ভি কভি বহু থি’ ভাৰতীয় টিভিৰ আটাইতকৈ দীৰ্ঘদিনীয়া ধাৰাবাহিকৰ ভিতৰত বুলি গণ্য কৰা হয়।২০০০ চনৰ ৩ জুলাইৰ পৰা ২০০৮ চনৰ ৬ নৱেম্বৰলৈকে চলিছিলল এই ধাৰাবাহিকখন।
জানিব পৰা মতে পুনৰ চলিত বৰ্ষৰ ৩ জুলাইৰ পৰায়েই দ্বিতীয় ছিজন সম্প্ৰচাৰিত কৰা হ’ব। ১৭ বছৰৰ পিছত স্মৃতি আৰু অমৰে পৰ্দা শ্বেয়াৰ কৰিব।
এই ধাৰাবাহিকখন একতা কাপুৰে প্ৰযোজনা কৰিছে । জানিব পৰা মতে এই ধাৰাবাহিকখনত স্মৃতি ইৰাণী আৰু অমৰ উপাধ্যায়ৰ উপৰিও মৌনি ৰায় আৰু কৰিশ্মা তান্নাকো দেখা যাব।
জানিব পৰা মতে কটকটীয়া নিৰাপত্তাৰ মাজতে শ্মৃতি ইৰাণীয়ে শ্বুটিং কৰি আছে। তেওঁ জেড প্লাছ নিৰাপত্তাৰ মাজত শ্বুটিং কৰিছে।
অভিনেত্ৰী তথা প্ৰাক্তন সাংসদ গৰাকীৰ বাবে সকলোৱে কঠোৰ প্ৰট’কল মানি চলিব লগা হৈছে।চেটত উপস্থিত থকা লোকসকলক ফোন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
অমৰ, স্মৃতি আৰু একতা কাপুৰৰ বাহিৰে সকলোৰে ফোন টেপ কৰা হ’ব।সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ‘কিউকি সাছ ভি কভি বহু থি’ৰ খণ্ডসমূহ সীমিত ৰখা হ’ব।
ধাৰাবাহিকখন ১৫০-২০০ খণ্ডৰ ভিতৰতে সীমিত হ’ব। অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদ হোৱা স্মৃতিৰ কামবেকক লৈ অনুৰাগীসকল ছুপাৰ এক্সাইটেড হৈ আছে।
লগতে পঢ়ক:“আমাৰ বাবে সিহঁতৰ কোনো কাম নাই”; আমেৰিকাৰ প্ৰস্তাৱক সমালোচনা খেমেইনীৰ